আৰক্ষীৰ গুলীত থকা-সৰকা ডকাইতৰ দল, নিহত দুই

author img

By

Published : Aug 29, 2021, 12:14 PM IST

আৰক্ষীৰ গুলীত থকা-সৰকা ডকাইতৰ দল

এনকাউণ্টাৰ অথবা গুলীচালনা ৷ এই শব্দটো বেছ কিছুদিনৰ পৰা সংবাদ শীৰ্ষ দখল কৰি আছে ৷ অসম আৰক্ষীয়ে শেহতীয়াকৈ বহুকেইটা এনকাউণ্টাৰৰ ঘটনাত জড়িত থকাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ শনিবাৰে তেনেকুৱা দুটাকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰাত ৷

গোৱালপাৰা, 29 আগষ্ট : বিজেপি নেতৃত্বাধীন নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজ্যত ক্ৰমাৎ কঠোৰ হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ক্ৰমান্বয়ে চলিছে আৰক্ষীৰ ইটোৰ পিছত সিটো অভিযান ৷ সমান্তৰালকৈ অসম আৰক্ষীৰ বহুকেইটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ৷

goalpara encounter
চিকিৎসাধীন এজন ডকাইত

শনিবাৰে নিশা এটা নহয়, দুটাকৈ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰাত ৷ প্ৰথমটো সংঘটিত হৈছে মৰনৈ থানাৰ অন্তৰ্গত নেপালীখুঁটিত আৰু দ্বিতীয়টো গোৱালপাৰা চহৰৰ গোবিন্দপুৰত ৷ জিলাখনৰ লক্ষীপুৰৰ পৰা এটা ডকাইতৰ দলে এ এছ ০১ এম এল ৩৭২৯ নম্বৰৰ ছুইফট বাহনখনেৰে ডকাইতি কৰিবলৈ গোৱালপাৰালৈ অহাৰ কথা ইতিমধ্যে পোহৰলৈ আহিছে ৷

ৰাজ্যত সান্ধ্য আইন বলৱৎ থকাৰ হেতু আৰক্ষীয়ে নিশাৰ ভাগত বাহনখন দেখি ৰখাবলৈ নিৰ্দেশ দিয়ে ৷ ডকাইতৰ দলটোৱে আৰক্ষীক দেখা মাত্ৰকে নিৰ্দেশ অমান্য কৰি বেৰিকেড ভাঙি পলায়নৰ চেষ্টা কৰে ৷ দলটোৰ এই কাৰ্য দেখি আৰক্ষীয়ে বাহনখনক উদ্দেশ্যি গুলীচালনা কৰে ৷

goalpara encounter
গোৱালপাৰাত দুটাকৈ এনকাউণ্টাৰ সংঘটিত

ফলত আৰক্ষীৰ গুলীত এজন দুৰ্ধৰ্ষ ডকাইত থিতাতে নিহত হোৱাৰ লগতে আন দুজন ডকাইত গুলীবিদ্ধ অৱস্থাত পলায়ন কৰে ৷ পলায়নকাৰী এজন ডকাইতৰ মৃতদেহ দেওবাৰে পুৱা উদ্ধাৰ কৰা হয় ৷

তদুপৰি আনজন ডকাইতক স্থানীয় ৰাইজে গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰে ৷ বৰ্তমান গুলীবিদ্ধ ডকাইতটোক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আটাইকেইজন ডকাইতৰ ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত বুলি জানিব পৰা গৈছে ৷

goalpara encounter
ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা বাহনখন

দেখা গৈছে যে, অপৰাধ দমনৰ বিৰুদ্ধে আৰক্ষীয়ে যিমানে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, সিমানে কৌশল সলনি কৰিছে অপৰাধীয়ে ৷ একাংশৰ মতে কৰ’ণা মহামাৰীৰ বাবে জাৰি ৰখা আংশিক লক ডাউনে বহুলোকৰ জীৱন-জীৱিকাত প্ৰভাৱ পেলাইছে ৷ যাৰ বাবে একাংশই অসৎ পথৰ আশ্ৰয়ৰে জীৱিকা নিৰ্বাহৰ বাট মুকলি কৰিব বিচাৰিছে ৷ কিন্তু অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে চাওক : অভিযুক্ত ৰিণ্টু শৰ্মাৰ হৈ ওকালতি নকৰে ধেমাজি জিলা উকীল সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.