ETV Bharat / state

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত এগৰাকী হকী খেলুৱৈৰ মনৰ কথাৰে...

author img

By

Published : Aug 29, 2021, 10:51 AM IST

ভাৰতীয় হকী দলৰ অধিনায়ক মেজৰ ধ্যান চান্দৰ আজি জন্মদিন ৷ হকীৰ সম্ৰাটগৰাকীৰ জন্মদিনটো দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ৷ কলিয়াবৰৰ এগৰাকী হকী খেলুৱৈয়ে এই দিনটোত হকীৰ সম্ৰাটগৰাকীৰ বহু কথা সুঁৱৰি নিবেদিলে শ্ৰদ্ধা ৷

এগৰাকী হকী খেলুৱৈৰ মনৰ কথাৰে...
এগৰাকী হকী খেলুৱৈৰ মনৰ কথাৰে...

কলিয়াবৰ, 29 আগষ্ট : আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ অলিম্পিকত তিনিবাৰকৈ স্বর্ণপদক লাভ কৰা ভাৰতীয় হকী দলৰ অধিনায়ক মেজৰ ধ্যান চান্দৰ আজি জন্মদিন ৷ হকীৰ সম্ৰাটগৰাকীৰ জন্মদিনটো সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

কলিয়াবৰৰ সঞ্জীৱ শইকীয়া ওৰফে গগণ নামৰ এগৰাকী হকী খেলুৱৈয়ে হকীৰ যাদুকৰলৈ নিবেদিলে শ্ৰদ্ধা ৷ ব্যক্ত কৰিলে এগৰাকী হকী খেলুৱৈ হোৱাৰ সপোনৰ কথা ৷

এগৰাকী হকী খেলুৱৈৰ মনৰ কথাৰে...

কিয় হকী এৰি ব্যৱসায়ত নিয়োজিত হ'ব লগা হ'ল :

হকীকে প্ৰথম প্ৰেম বুলি ভবা কলিয়াবৰৰ যুৱক সঞ্জীৱ শইকীয়া ওৰফে গগণ ৷ দুবাৰকৈ জুনিয়ৰ হকীত অসমক প্ৰতিনিধিত্ব কৰিছিল যুৱকজনে ৷ কিন্তু বৰ্তমান এখন পান দোকান দি জীৱিকা নিৰ্বাহ কৰিছে যুৱকজনে ৷

মাত্ৰ দহ বছৰ বয়সতে হকীৰ ষ্টিক ডাল লৈ ঘৰৰ আগফালে থকা কলিয়াবৰ মহাবিদ্যালয়ৰ খেলপথাৰত অনুশীলনত নমা গগণে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাতে লক্ষ্ণৌত অনুৰ্ধ 14 বছৰত ৰাজ্যৰ হৈ খেলি সুনাম কঢ়িয়াবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত হায়দৰাবাদত অসমৰ হৈ জুনিয়ৰ দলত খেলিবলৈ সুবিধা লাভ কৰে গগণে ৷

ধ্য়ানচান্দ ষ্টেডিয়ামৰ এক অংশ
ধ্য়ানচান্দ ষ্টেডিয়ামৰ এক অংশ

অসমৰ হৈ হকীত প্ৰতিনিধিত্ব কৰা গগণক ১৯৯৯ চনতে নগাঁও জিলা ছাত্ৰ সন্থাই অভিনন্দন জ্ঞাপন কৰে ৷ ইয়াৰ উপৰিও কলিয়াবৰৰ হৈ তেজপুৰ, দুলীয়াজান, গুৱাহাটী, চামগুৰি, টংলা আদি ঠাইত খেলি প্ৰতিভাৰ উমান দিছিল গগণে ৷ আৰ্থিক অসুবিধাৰ লগতে উন্নত প্ৰশিক্ষণৰ অভাৱৰ বাবে ইয়াৰ পিছত হকী খেলিবলৈ বাদ দিয়ে প্ৰতিভাবান খেলুৱৈজনে ৷

২০১২ চনত কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰা যুৱকজনে চৰকাৰী চাকৰি বিচাৰি ৰাজ্যৰ ক্ৰীড়া বিভাগতো বহুবাৰ আবেদন-নিবেদন কৰে ৷ কিন্তু চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে বিমুখ হয় খেলুৱৈগৰাকী ৷

ধ্যানচান্দ ষ্টেডিমামৰ এক অংশ
ভাৰতীয় হকী দলৰ অধিনায়ক মেজৰ ধ্যানচান্দৰ আজি জন্মদিন

সেয়ে উপায়ন্তৰ হৈ পাণ দোকানতে মনোনিৱেশ কৰি ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰে যুৱকজনে ৷ বৰ্তমান সেই দোকানখনৰ লগতে জ্যেষ্ঠ ভাতৃৰ সৈতে যুটীয়াভাৱে সঞ্জীৱে আৰম্ভ কৰিছে এখন কিতাপৰ বিপণী ৷

লগতে চাওক : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকী কিংবদন্তি ধ্যান চান্দক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.