পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত এহাল দুৰ্ভগীয়া পিতৃ-মাতৃ

author img

By

Published : Aug 29, 2021, 1:43 PM IST

Updated : Aug 29, 2021, 6:45 PM IST

parents neglecting by son at rangia
দুৰ্ভগীয়া পিতৃ-মাতৃ ()

পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত হোৱা এটি অসহায় বৃদ্ধ দম্পতি ৷ পিতৃ-মাতৃৰ দায়িত্ব সামৰাৰ পাচত বৃদ্ধাৱস্থাত পিতৃ-মাতৃক নিঠৰুৱা কৰিছে দুই পুত্ৰ সন্তানে ৷ পুত্ৰৰ অৱহেলাৰ বাবে শোকত ভাগি পৰা এই দুৰ্ভগীয়া পিতৃ-মাতৃয়ে জীৱনৰ বাকীচোৱা সময়ত লাভ কৰিবনে অকণমান সঁহাৰি?

ৰঙিয়া, 29 আগষ্ট : সন্তানৰ দ্বাৰা অৱহেলিত হোৱা এহাল পিতৃ-মাতৃ ৷ জীৱনৰ বিয়লি বেলাত দুই পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত হৈ অসহায় হৈ পৰিছে দম্পতিটো ৷ ৰঙিয়াৰ পীতাম্বৰ হাট-বজালীৰ ফটিক কুমাৰ আৰু তেওঁৰ পত্নী সৰস্বতী কুমাৰে বৃদ্ধ অৱস্থাতো লাভ কৰা নাই সন্তানৰ সঁহাৰি ৷

সত্তৰ বছৰৰ উৰ্ধৰ এই বৃদ্ধ দম্পতিৰ দুই পুত্ৰ বৰ্তমান একোজন সু-প্ৰতিষ্ঠিত ব্যক্তি । বৰ পুত্ৰ অজিত কুমাৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হোৱাৰ বিপৰীতে সৰু পুত্ৰ ব্ৰজেন কুমাৰ এজন সুপ্ৰতিষ্ঠিত ব্যৱসায়ী । কিন্তু পুত্ৰদ্বয়ে যেন পিতৃ-মাতৃৰ প্ৰতি থকা নিজ কৰ্তব্যৰ ফালে পিঠি দিছে ।

পুত্ৰ সন্তানৰ দ্বাৰা অৱহেলিত এহাল দুৰ্ভগীয়া পিতৃ-মাতৃ

লগতে পঢ়ক: অসহায় : ৰোগাকান্ত কলংপৰীয়া শিল্পী বিষ্ণু তামুলী

বৃদ্ধ দম্পতিটোয়ে জনায় যে, তিনি কন্যাক বিয়া দিয়াৰ পাচত দুই পুত্ৰৰ মাজত মাটি-সম্পত্তিৰ ভাগ কৰি গতাই দি দায়িত্ব সামৰিছিল বৃদ্ধ দম্পতিয়ে । কিন্তু আজি পৰ্যন্ত পুত্ৰৰ কোনো দায়িত্বই পালন কৰা নাই ফটিক কুমাৰ আৰু সৰস্বতী কুমাৰৰ দুই পুত্ৰই ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাইজে বিচাৰ পাতি দুয়ো পুত্ৰকে পিতৃ-মাতৃক মাহেকত কিছু টকা দিয়াৰ বাবে ব্যৱস্থা কৰি দিছিল ৷ কিন্তু ৰাইজৰ সেই বিচাৰকো ভৰিৰে মোহাৰি পেলাইছে দুই আধুনিক পুত্ৰই । সম্প্ৰতি নিঠৰুৱা হৈ দিন অতিবাহিত কৰিবলগীয়া হৈছে বৃদ্ধ পিতৃ-মাতৃয়ে ৷

লগতে পঢ়ক: আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা মৰিগাঁৱৰ এগৰাকী কৰ্মচাৰী

Last Updated :Aug 29, 2021, 6:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.