ETV Bharat / city

অসহায় : ৰোগাকান্ত কলংপৰীয়া শিল্পী বিষ্ণু তামুলী

author img

By

Published : Aug 17, 2021, 7:09 PM IST

Helpless kolongporia artist
অসহায় : ৰোগাকান্ত কলংপৰীয়া শিল্পী বিষ্ণু তামুলী

এগৰাকী কলংপৰীয়া শিল্পীৰ অসহায় অৱস্থা ৷ চিকিৎসালয়ৰ বিছনাত অসহায় অৱস্থাত শিল্পী বিষ্ণু তামুলী ৷ শিল্পী সমাজকে ধৰি স্থানীয় বিধায়কলৈ সহায়ৰ আহ্বান সহশিল্পীৰ ৷

নগাঁও,17 আগষ্ট: এগৰাকী কলংপৰীয়া শিল্পীৰ আজি অসহায় অৱস্থা । আমি ক’বলৈ লোৱা শিল্পীগৰাকী হৈছে বিষ্ণু তামুলী ৷ বিগত বৰ্ষত কলংপৰীয়া শিল্পী বঁটাৰে সন্মানিত কৰা হৈছিল শিল্পী বিষ্ণু তামুলীক । কলংপৰীয়া শিল্পী বঁটা লাভ কৰা শিল্পী বিষ্ণু তামুলী আজি তেওঁ অসহায় ।

নিজৰ অসহায় অৱস্থাৰ বৰ্ণনা কৰিবলৈ গৈ কেমেৰাৰ সন্মুখতেই হুকহুকাই কান্দিলে এইগৰাকী কলংপৰীয়া শিল্পী বিষ্ণু তামুলীয়ে । দুই কন্যাৰ বিয়া, পত্নীৰ মৃত্যুৰ পিছৰ পৰাই অসহায় হৈ পৰে শিল্পী বিষ্ণু তামুলী । নিজৰ অভিনয়ৰে হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰা শিল্পী বিষ্ণু তামুলীৰ কাষত থিয় হ’বলৈ যেন এতিয়া কোনোৱেই নাই ।

ৰোগাকান্ত কলংপৰীয়া শিল্পী বিষ্ণু তামুলী

কিছুদিন পূৰ্বে এইগৰাকী শিল্পীৰ ভৰিত হৈছিল সামান্য ফোঁহা ।

সেয়াই ক্ৰমান্বয়ে ধাৰণ কৰে জটিল ৰূপ । আৰ্থিক অভাৱৰ বাবেই উপযুক্ত সময়ত চিকিৎসা কৰিব নোৱাৰা শিল্পী বিষ্ণু তামুলীৰ সামান্য ফোঁহাই লয় জটিল ৰূপ । বৰ্তমান ভৰিৰ জটিল ৰোগত আক্ৰান্ত শিল্পী বিষ্ণু তামুলী ৷ শিল্পী বিষ্ণু তামুলীৰ অসহায় অৱস্থা দেখি অৱশেষত আগবাঢ়ি আহিল দুই নগঞা শিল্পী বিৰিঞ্চি বৰা আৰু অতুল মহন্ত ।

লগতে পঢ়ক: দুৰ্বিসহ ! কচু-ঢেকীয়া খাই জীয়াই থকা এটি পৰিয়াল

শুভাকাংক্ষীৰ সহযোগত সম্প্ৰতি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কলংপৰীয়া শিল্পী বিষ্ণু তামুলী । ধনৰ অভাৱত শিল্পীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত এতিয়া সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ । যাৰ বাবে বিষ্ণু তামূলীক সহায়ৰ বাবে শিল্পী সমাজক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে সতীৰ্থ শিল্পীসকলে ।

ইপিনে বিপদৰ সময়ত যিকোনো লোকক সহায়ৰ হাত আগবঢ়োৱা স্থানীয় বিধায়ক ৰূপক শৰ্মাকো শিল্পীগৰাকীক সহায়ৰ বাবে আহ্বান জনাইছে দুই নগঞা শিল্পীয়ে । শেহতীয়াকৈ জানিব পৰা মতে, জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা এইগৰাকী শিল্পীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা তথা আৰ্থিক সহায়ৰ বাবে আগবাঢ়ি আহিছে স্থানীয় বিধায়ক ৰূপক শৰ্মা ৷

এসময়ত বহু নাটকত অভিনয় কৰি সকলোৰে সমাদৰ লাভ কৰাৰ লগতে বহু গীতৰ ৰচক শিল্পী বিষ্ণু তামুলী শীঘ্ৰে সুস্থ হৈ উঠক ৷ তাৰেই কামনা কৰিছে এতিয়া সকলোৱে ৷

লগতে পঢ়ক: কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন চিৰাঙৰ মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.