আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা মৰিগাঁৱৰ এগৰাকী কৰ্মচাৰী

author img

By

Published : Aug 17, 2021, 6:13 PM IST

a employee wear a traditional dress in office

সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা মৰিগাঁৱৰ এগৰাকী কৰ্মচাৰী ৷ আন কৰ্মচাৰীৰ বাবে হৈ পৰিছে এক আৰ্দশ ৷ পিছে কিহৰ বাবে কৰ্মচাৰীগৰাকী হৈ পৰিছে আদৰ্শ ? সবিশেষ চাওক এই প্ৰতিবেদনত ৷

মৰিগাঁও,17 আগষ্ট: ব্যতিক্ৰমি ৰূপত মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী ৷ নিৰ্বাচনী শাখাৰ এগৰাকী জ্যেষ্ঠ কাৰ্যালয়ৰ সহায়ক ৷ যাৰ নাম হৈছে বাবুল পাতৰ ৷ এতিয়া এই গৰাকী কৰ্মচাৰীয়েই হৈ পৰিছে আন কৰ্মচাৰীৰ বাবে এক আদৰ্শ ৷

তেখেতৰ সাজ-পাৰৰ বাবেই তেওঁ হৈ সকলোৰে চৰ্চাৰ বিষয় ৷ প্ৰতি শনিবাৰে অসমীয়া সাজ পৰিধান কৰি কৰ্তব্যলৈ আহে এইগৰাকী কৰ্মচাৰীয়ে ৷ আপোনাৰ নিশ্চয় মনত আছে ৷ যোৱা চৰকাৰখনে আহ্বান জনাইছিল প্ৰতিটো শনিবাৰে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীয়ে পৰিধান কৰক অসমীয়া সাজ-পাৰ ৷

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা মৰিগাঁৱৰ এগৰাকী কৰ্মচাৰী

তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এই ঘোষণাৰ পিছৰে পৰা এইগৰাকী কৰ্মচাৰীয়ে প্ৰতি শনিবাৰে পৰিধান কৰি আহিছে অসমীয়া জাতীয় সাজপাৰ ।

লগতে পঢ়ক: সোণৰ অলংকাৰ বন্ধকত থৈ আৰ্তজনক সহায় কৰা কোন এইগৰাকী মহিলা ?

পিছে সেই ৰামো নাই, অয্যোধাও নাই ৷ অসমীয়াৰ এই আপ্তবাক্য শাৰীয়ে যেন আখৰে আখৰে ফলিয়ালে আন কৰ্মচাৰীৰ ক্ষেত্ৰত ৷ পিছে আনৰ কথালৈ অলপো মনোযোগ নিদিয়াকৈ এইগৰাকী কৰ্মচাৰীয়ে চৰকাৰৰ সেই নিৰ্দেশনাক আজিলৈকে পালন কৰি আহিছে আখৰে আখৰে ৷

কোনে দিনে নিয়ম ভংগ কৰা নাই এই গৰাকী কাৰ্যালয়ৰ সহায়কে ধূতি-পঞ্জাৱী-গল বস্ত্ৰ পৰিধান কৰিয়েই চৰকাৰী কাৰ্য সম্পাদনা কৰি আহিছে বাবুল পাতৰে । মনকৰিবলগীয়া যে, প্ৰতিটো শনিবাৰে অসমীয়া সাজপাৰ পৰিধান কৰাৰ সমান্তৰালকৈ ডিঙিত বিভিন্ন সম্প্ৰদায়ৰ গামোচা লৈ সম্প্ৰীতিৰ এক নিৰ্দশন দাঙি ধৰিবলৈকো হৈছে সক্ষম ।

এক কথাত ক’ব লাগিব, অসমীয়া জাতীয় সাজপাৰৰ এক সুন্দৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে বাবুল পাতৰে । তাৰোপৰি এই জনগোষ্ঠীয় সাজ-পাৰ তথা আমাৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি আজিৰ যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পাৰে তাৰো এক উদাহৰণ হৈ পৰিছে বাবুল পাতৰ ।

লগতে পঢ়ক: ডিব্ৰুগড়ত নদী পৰ্যটনৰ দিশত নৱ জাগৰণৰ সূচনা দুই অসমীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.