ETV Bharat / sitara

অভিনেতা অৰমান কোহলীক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ

author img

By

Published : Aug 29, 2021, 2:00 PM IST

ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ অভিনেতা অৰমান কোহলী ৷ এই কথা সদৰী কৰিছে নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰোৰ এগৰাকী উচ্চ পদস্থ বিষয়াই ৷

অভিনেতা অৰমান কোহলীক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ
অভিনেতা অৰমান কোহলীক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 29 আগষ্ট : নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰো (NCB)য়ে দেওবাৰে অভিনেতা অৰমান কোহলীক ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰে ৷ এই কথা সদৰী কৰিছে নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰোৰ এগৰাকী উচ্চ পদস্থ বিষয়াই ৷

অভিনেতাগৰাকীৰ ঘৰৰ পৰা নিষিদ্ধ দ্ৰব্য ড্ৰাগছ উদ্ধাৰ হৈছিল ৷ ইয়াৰ পিছতে কোহলীক শনিবাৰে এনচিবিয়ে বিষয় সন্দৰ্ভত জেৰা কৰিছিল ৷ এনচিবিৰ এটা দলে শনিবাৰে সন্ধিয়া কোহলীৰ ঘৰত তালাচী চলায় ৷ তাৰ পৰা কোহলীক সংস্থাটোৰ দক্ষিণ মুম্বাইস্থিত কাৰ্যালয়লৈ নিয়া হয় ৷

বিভাগটোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অৰমান কোহলীৰ বাসগৃহত কিছু পৰিমাণৰ কোকেইন পোৱা গৈছিল ৷ এই নিচাযুক্ত দ্ৰব্য উদ্ধাৰৰ পিছতে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছিল ৷

অভিনেতাগৰাকীৰ লগতে সংস্থাটোৱে শেহতীয়াকৈ NDPS আইনৰ অধীনত অজয় ৰাজু সিং নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছিল ।

লগতে চাওক: King of Pop মাইকেল জেকচনৰ জন্মদিন বিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.