ETV Bharat / state

ফণীধৰ তালুকদাৰ বিজেপি গমনক লৈ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 29, 2021, 1:31 PM IST

আয়ৰ সৈতে অসামঞ্জস্য সম্পত্তি গঢ়াৰ অভিযোগত 24 আগষ্টত অসম অসামৰিক সেৱাৰ (ACS) বিষয়া চাইবুৰ ৰহমানক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল । চাইবুৰ ৰহমানৰ বিশাল সম্পত্তি সন্দৰ্ভত সম্প্ৰতি অভিযান অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ।

mla-hafiz-rafiqul-islam-reaction
ফণীধৰ তালুকদাৰ বিজেপিলৈ গমনক লৈ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

জনিয়া, 29 আগষ্ট : সৰুক্ষেত্ৰী সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানৰ স্বামী চাইবুৰ ৰহমানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্ত চলি থকাৰ সময়তে ভৱানীপুৰ সমষ্টিৰ বিধায়ক তথা ধন কুবেৰ ফণীধৰ তালুকদাৰে এ আই ইউ ডি এফ (AIUDF) ত্যাগ কৰি বিজেপিলৈ গমন কৰাৰ বাতৰিয়ে এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ । প্ৰশ্ন উত্থাপন হৈছে, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তৰ ভয়তে বিজেপিলৈ পলাব খুজিছে নেকি ফণীধৰ তালুকদাৰ ?

ফণীধৰ তালুকদাৰ বিজেপিলৈ গমনক লৈ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া

জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, বিজেপি হ’ল "ৱাচিং মেচিন" ৷ দুৰ্নীতিগ্ৰস্তসকলে বিজেপিত যোৱাৰ পিছত গাখীৰত ধুই পৰিস্কাৰ হৈ পৰে । হাজাৰ দুৰ্নীতি কৰিলেও বিজেপিত যোৱাৰ পিছত তেওঁৰ কোনো দুৰ্নীতি নাথাকে । জনীয়াৰ বিধায়কগৰাকীয়ে প্ৰকৃততে এই মন্তব্যৰ দ্বাৰা ফণীধৰ তালুকদাৰৰ বিষয়ে আওপকীয়াকৈ বুজাব খুজিছে ৷

বিধায়কগৰাকীয়ে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে, বানমুক্ত অসম গঢ়াত ব্যৰ্থ হৈছে অসম চৰকাৰ, ভূটানৰ পানীয়ে বিস্তৰ ক্ষতি কৰিছে নামনি অসমত । চৰকাৰে বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰিব লাগে । তেওঁ লগতে কয় যে, উপ-নিৰ্বাচনত মহাজোঁটৰ প্ৰাসংগিকতা আছে ৷ বিজেপিক পৰাজিত কৰিবলৈ সকলোৱে ঐক্যৱদ্ধ হৈ থকাৰ পোষকতা কৰে ড৹ ইছলামে ।

তেওঁ লগতে কয় যে, "সোৱনশিৰি নদীবান্ধৰ বিৰোধীতা কৰিছিলো, নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই ভাঙিবলৈ আৰম্ভ কৰিছে নদীবান্ধ প্ৰকল্প । বৃহৎ নদীবান্ধে ক্ষতি কৰিব ৰাইজক । এই সন্দৰ্ভত নজৰ দিব লাগে চৰকাৰে ৷"

লগতে পঢ়ক : ACS বিষয়া চাইবুৰ ৰহমানৰ কয়াকুছিৰ বাসগৃহত তদাৰকী কোষৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.