স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত কেনে আছিল জনজাতীয় লোকসকলৰ অস্ত্ৰ ?

By

Published : Aug 29, 2021, 1:40 PM IST

Updated : Aug 29, 2021, 3:17 PM IST

thumbnail

বৰ্তমানৰ ভাৰত, পাকিস্তান আৰু বাংলাদেশত বিস্তাৰিত হৈ পৰা ব্ৰিটিছ উপনিৱেশবাদ মানেই আছিল নৃশংসতা আৰু অত্যাচাৰ ৷ উপনিৱেশিক শাসনৰ অধীনত থকা বহু অংশত যদিও বিদ্ৰোহ অথবা বিপ্লৱ দেখা গৈছিল, ব্ৰিটিছে অতি সহজেই তেওঁলোকক দমন কৰিবলৈ সক্ষম হৈছিল ৷ লাগিলে এয়া স্বাধীনতা সংগ্ৰামেই নহওক কিয় ৷ কিন্তু, ঝাৰখণ্ডৰ জনজাতীয় লোকসকলৰ বিদ্ৰোহ এইক্ষেত্ৰত আজিও পৃথক তথা ব্যতিক্ৰম ৷ কামান আৰু বন্দুকেৰে সজ্জিত হোৱা স্বত্বেও জনজাতীয় লোকসকলৰ সন্মুখত ব্ৰিটিছসকল কঁপি উঠিছিল ৷ কিয়নো পৰম্পৰাগত অস্ত্ৰ যেনে, কাড় আৰু ধনু আদি চলোৱাৰ ক্ষেত্ৰত এই জনজাতীয় লোক সকল যথেষ্ট পাৰ্গত আছিল ৷ গেৰিলা যুদ্ধত দক্ষ এই লোকসকলৰ সন্মুখত ব্ৰিটিছেও অস্ত্ৰ সম্বৰণ কৰিবলৈ বাধ্য হৈছিল ৷ সেয়ে সেই সময়ৰ অন্যান্য বহু বিদ্ৰোহৰ পৰা তেওঁলোকৰ বিদ্ৰোহ বিশেষভাৱে পৃথক আছিল ৷ ঝাৰখণ্ডৰ ভৌগলিক অৱস্থানেও জনজাতীয় লোকসকলক দমন কৰাতো ব্ৰিটিছৰ পক্ষে অসম্ভৱ কৰি তুলিছিল ৷

Last Updated : Aug 29, 2021, 3:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.