ETV Bharat / state

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত

author img

By

Published : Aug 29, 2021, 2:17 PM IST

দুৰ্ঘটনাত পতিত হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন ৷ দেওবাৰে নগাঁও অভিমুখে গৈ আছিল মন্ত্ৰী কেশৱ মহন্তৰ কনভয় ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত

ৰহা, 29 আগষ্ট : দুৰ্ঘটনাত পতিত হৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন ৷ দেওবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ৰহা চাৰিআলিত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ এখন বাহন দুৰ্ঘটনাত পতিত হয় ।

দুৰ্ঘটনাগ্ৰস্ত alto বাহনখন
দুৰ্ঘটনাগ্ৰস্ত alto বাহনখন

মন্ত্ৰী গৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ এখন স্কৰপিঅ' বাহনে ৰহা চাৰিআলিত একে দিশেৰে গৈ থকা এখন বগা ৰঙৰ এল্ট’ বাহনত পিছপিনৰ পৰা জোৰেৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনৰে ব্যাপক ক্ষতি হয় ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিত

অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে যাত্ৰা কৰা বাহনখনৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই এই দুৰ্ঘটনাত । দুৰ্ঘটনাৰ সময়ত গুৱাহাটীৰ পৰা নগাঁও অভিমুখে গৈ আছিল মন্ত্ৰী কেশৱ মহন্তৰ কনভয় ।

বগা ৰঙৰ এল্ট’ বাহনৰ ক্ষতিসাধন
বগা ৰঙৰ এল্ট’ বাহনৰ ক্ষতিসাধন

লগতে চাওক: এতিয়াৰে পৰা কাজিৰঙাৰে পাৰ হোৱা তীব্ৰবেগী বাহনে ভৰিব লাগিব জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.