ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 10, 2021, 5:01 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 5 PM
সন্ধিয়া 5 বজাৰ শীৰ্ষ 10 বাতৰি

20 খন বিচনাযুক্ত ICU কক্ষ উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ

বঙাইগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ আই চি ইউ (ICU) উদ্বোধন । এতিয়াৰে পৰা বঙাইগাঁৱবাসীয়ে লাভ কৰিব উন্নত স্বাস্থ্য সেৱা ৷ এই আশ্বাস স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ৷

বিভাগীয় অমনোযোগিতাৰ বাবে অপমৃত্যু এটা পশু চিকিৎসা কেন্দ্ৰৰ

এৰাবাৰীত পৰিণত সোণাৰিৰ টিটলাগড় পশু চিকিৎসা কেন্দ্ৰ ৷ বছৰ বছৰ ধৰি চিকিৎসালয়খনত নাই পশু চিকিৎসক অথবা কোনো এজন বিষয়া কৰ্মচাৰী ৷ ফলত হাবি-জংঘলেৰে আৱৰি ধৰিছে চিকিৎসালয়খন ৷

সময়ৰ সোঁতত বিলীন হ’ব নেকি মনোমতীৰ জন্মস্থান ?

ৰজনীকান্ত বৰদলৈৰ স্মৃতি বিজড়িত হাউলীস্থিত তাহানিৰ বৃটিছৰ ডাক বঙলা এতিয়া জৰাজীৰ্ণ অৱস্থাত ৷ ঐতিহাসিক ডাক বঙলাৰ মাটিত চলিছে অবৈধ বেদখল কাৰ্য ৷ এই ডাক বঙলাত থাকিয়েই উপন্যাস সম্ৰাট গৰাকীয়ে লিখিছিল তেওঁৰ দ্বিতীয়খন উপন্যাস ‘মনোমতী’ ৷

কংগ্ৰেছৰ প্ৰতি ৰাইজৰ ভাৱমূৰ্তি নোহোৱা হৈছে : যোগেন মহন

বিৰোধী দল কংগ্ৰেছ(Congress) সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক মন্ত্ৰী যোগেন মহনে(Jogen Mohan) ৷ মৰাণত কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ ভাৱমূৰ্তি নোহোৱা হৈছে ৷ কংগ্ৰেছে বহুদিন শাসন কৰাৰ পাচত তেওঁলোকে ৰাজ্যখন ক’লৈ লৈ গ’ল অসমৰ ৰাইজেহে দেখিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

PM মোডীৰ উজ্জ্বলা যোজনা : দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ

PM মোডীৰ উজ্জ্বলা যোজনাৰ কথা নজনা মানুহ হয়তো কমে ওলাব ৷ প্ৰথম পৰ্যায়ৰ আঁচনিৰ সফল ৰূপায়ণৰ পিছত মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হ’ব ৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ মহোবাত ৷

পেগাচাছৰ তদন্ত সন্দৰ্ভত ১৬ আগষ্টলৈ আদালতৰ শুনানি স্থগিত

উচ্চতম ন্যায়ালয়ে পেগাচাছ বিষয়টো সন্দৰ্ভত SIT ৰ তদন্ত বিচাৰি কৰা আবেদনৰ শুনানি ১৬ আগষ্টলৈ স্থগিত ৰাখে । লগতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক বিষয়টোৰ ওপৰত চৰকাৰৰ পৰা নিৰ্দেশনা বিচাৰিবলৈ অতিৰিক্ত সময় দিয়া হয় ।

নলবাৰীত শ্ৰমিক-কৃষক সংগঠনৰ যৌথ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিকে (Price Hike) ধৰি বিভিন্ন দাবীৰে মঙলবাৰে দেশজুৰি ট্ৰেড ইউনিয়নৰ (Trade Union) আহ্বানত তীব্ৰ আন্দোলন গঢ়ি তোলা হয় । শ্ৰমিক সংগঠনটোৱে সোমবাৰৰ দিনটো দেশজুৰি 'ভাৰত বচাও দিৱস' (Bharat Bachao Diwas) হিচাপে পালন কৰে ।

চৰকাৰ বিৰোধী শ্ল’গানত উত্তাত তিনিচুকীয়া

তিনিচুকীয়াত বাওঁপন্থী দল-সংগঠনৰ নেতৃত্বত ভাৰত বচাও দিৱস কাৰ্যসূচী । চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

ৰে’ল ক্ৰছিঙে হ’ল কাল...দুই ভাতৃ দুৰ্ঘটনাত পতিত

মহানগৰীৰ বোন্দাত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এক দুৰ্ঘটনা ৷ বোন্দা-চপাইদং সংযোগী ৰে’ল ক্ৰছিঙত সংঘটিত হয় এই দুৰ্ঘটনৈ ৷ দুখন ৰে’লৰ ক্ৰছিঙৰ সময়ত ৰে’লপথ পাৰ হ’বলৈ ধৰোতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

ক্ৰমান্বয়ে ভাৰতত বৃদ্ধি পাইছে সিংহৰ সংখ্যা : PM মোডী

সিংহ(Lion)ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় বিশ্ব সিংহ দিৱস(World Lion Day) । সিংহ সংৰক্ষণৰে জড়িত হৈ থকা লোকসকললৈ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । টুইটযোগে তেওঁ কয় যে, বিগত কেইটামান বছৰত ভাৰতত বৃদ্ধি হৈছে সিংহৰ সংখ্যা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.