ETV Bharat / city

বিভাগীয় অমনোযোগিতাৰ বাবে অপমৃত্যু এটা পশু চিকিৎসা কেন্দ্ৰৰ

author img

By

Published : Aug 10, 2021, 3:19 PM IST

এৰাবাৰীত পৰিণত সোণাৰিৰ টিটলাগড় পশু চিকিৎসা কেন্দ্ৰ ৷ বছৰ বছৰ ধৰি চিকিৎসালয়খনত নাই পশু চিকিৎসক অথবা কোনো এজন বিষয়া কৰ্মচাৰী ৷ ফলত হাবি-জংঘলেৰে আৱৰি ধৰিছে চিকিৎসালয়খন ৷

turned into poor Condition titlagarh veterinary centre in sonari
পশু চিকিৎসা কেন্দ্ৰ বুলি ক'বলৈ লাজে লাগে : স্থানীয় ৰাইজ

মৰাণ, 10 আগষ্ট : ৰাজ্যত নিবনুৱা সমস্যাই বৰ্তমান সময়ত ব্যাপক ৰূপত গা কৰি উঠিছে ৷ অৱশ্যে তাৰ মাজতো পশুপালেনেৰে স্বাৱলম্বী হ’বলৈ চেষ্টা চলাইছে ৰাজ্যৰ একাংশ নিবনুৱা যুৱকে ৷ কিন্তু যেতিয়া পোহনীয়া জন্তু বেমাৰত পৰে, পশু চিকিৎসালয় বিচাৰি বহু ঠাইত হাহাকাৰ কৰিব লগীয়া হয় পশু পালকে ৷ কিয়নো ৰাজ্যৰ বহু স্থানত নামত হে আছে পশু চিকিৎসালয় ৷

চৰাইদেউ জিলাৰ সোণাৰিৰ টিটলাগড় পশু চিকিৎসালয় খনৰো তথৈবচ অৱস্থা ৷ দীৰ্ঘ দিন ধৰি পশু চিকিৎসা সেৱাৰ পৰা বঞ্চিত পশুপালক তথা স্থানীয় ৰাইজ । অঞ্চলটোৰ একমাত্ৰ পশু চিকিৎসা কেন্দ্ৰটো সম্পূৰ্ণৰূপে অচল হৈ পৰাৰ বাবেই এইদৰে সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে । বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ ফলত নাম ফলকহীন চিকিৎসা কেন্দ্ৰটো হাবি-জংঘলেৰে পৰিপূৰ্ণ হৈ পৰিছে ৷

পশু চিকিৎসা কেন্দ্ৰ বুলি ক'বলৈ লাজে লাগে : স্থানীয় ৰাইজ

সকলো দেখিও পিছে কোনো কাণ-সাৰ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ বাবে পশু চিকিৎসা কেন্দ্ৰটো ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছে । চিকিৎসা কেন্দ্ৰটো বন্ধ হৈ পৰাত পশুধনকে আদি কৰি পোহনীয়া জীৱ জন্তু সমূহৰ ৰোগ ব্যাধিৰ চিকিৎসা কৰাবৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে সোণাৰিৰ টিটলাগড়ৰ লগতে বহু কেইখন গাঁৱৰ ৰাইজৰ ।

বিশেষকৈ গাঁও সমূহৰ ৰাইজ কৃষি আৰু পশু পালনৰ ওপৰতে নিৰ্ভৰশীল যদিও এই বিলাক সমস্যাৰ বাবে জলা কলা খাবলগীয়া হৈছে তেওঁলোকে । পশু চিকিৎসাৰ বাবে সময়ত চিকিৎসক নাপায় হাহাকাৰ কৰিব লগা হৈছে । সেয়ে টিটলাগড় পশু চিকিৎসা কেন্দ্ৰটো পুনৰুজ্জীৱিত কৰিবলৈ বাৰম্বাৰ ৰাইজে দাবী উত্থাপন কৰি আহিছে যদিও আজিও গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই ।

পশু চিকিৎসা কেন্দ্ৰটো মেৰামতি কৰি কাৰ্যক্ষম কৰাৰ বাবে মন্ত্ৰী যোগেন মহন আৰু সাংসদ তপন গগৈক বহুবাৰ খাটনি ধৰিও ভাগৰি পৰিল অঞ্চলটোৰ ৰাইজ ৷ কিন্তু ৰাইজৰ আহ্বানলৈ কোনো সঁহাৰি নিদিলে জনপ্ৰতিনিধি সকলে ৷ অতিশীঘ্ৰে কৃষক ৰাইজৰ স্বাৰ্থত পশু চিকিৎসা কেন্দ্ৰটো পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক- বিলাসীপাৰাত PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.