ETV Bharat / state

নলবাৰীত শ্ৰমিক-কৃষক সংগঠনৰ যৌথ প্ৰতিবাদ

author img

By

Published : Aug 10, 2021, 1:03 PM IST

ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বিজেপি চৰকাৰৰ শ্ৰমিক, কৃষক বিৰোধী কাৰ্য-কলাপৰ বিৰোধিতাৰে ভাৰত বচাও দিৱস শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

joint protest
নলবাৰীত শ্ৰমিক কৃষক সংগঠনৰ যৌথ প্ৰতিবাদ

নলবাৰী, ১০ আগষ্ট : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিকে (Price Hike) ধৰি বিভিন্ন দাবীৰে মঙলবাৰে দেশজুৰি ট্ৰেড ইউনিয়নৰ (Trade Union) আহ্বানত তীব্ৰ আন্দোলন গঢ়ি তোলা হয় । শ্ৰমিক সংগঠনটোৱে সোমবাৰৰ দিনটো দেশজুৰি 'ভাৰত বচাও দিৱস' (Bharat Bachao Diwas) হিচাপে পালন কৰে । ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বিজেপি চৰকাৰৰ শ্ৰমিক, কৃষক বিৰোধী কাৰ্য্যকলাপৰ বিৰোধীতাৰে এই ভাৰত বচাও দিৱস শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

অসমৰ বিভিন্ন জিলাতো সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে নলবাৰী চহৰ কঁপাই তুলিলে প্ৰতিবাদকাৰীয়ে । নলবাৰী চহৰৰ মাজমজিয়াত থকা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়া দেখা গ'ল প্ৰতিবাদকাৰীসকলক । ভাৰত বচাও শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰত থকা বিজেপি চৰকাৰক শ্ৰমিক তথা কৃষক বিৰোধী নীতি প্ৰত্যাহাৰৰ দাবী জনাই সংগঠনসমূহে ।

উল্লেখ্য যে, বিজেপি চৰকাৰৰ নতুন কৃষি আইনৰ বিৰোধীতাৰে প্ৰতিবাদ জনাই বিগত ৮ মাহ ধৰি কৃষকে দেশৰ ৰাজধানী চহৰ ঘেৰাও কৰি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে । এই পটভূমিত সংযুক্ত কৃষক মৰ্চাই (Sanyukt Kisan Morcha) ভাৰত বচাও কাৰ্যসূচীৰ আহ্বান জনোৱাৰ পাছতে এনেদৰে শ্ৰমিক-কৰ্মচাৰীৰ স‌ংগঠনসমূহে পূৰ্ণ সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ।

নলবাৰী জিলাৰ উক্ত কাৰ্যসূচীত চিপিএমৰ (CPM) নলবাৰী জিলা কমিটিৰ সম্পাদক উমেশ দত্ত, নলবাৰী জিলা কৃষক সভাৰ (Krishak Sabha) সম্পাদক ৰবীন মিশ্ৰ, চিআইটিইউৰ (CITU) সভাপতি নৃপেন কলিতা, সম্পাদক মহেশ্বৰ দত্ত, এছ এফ আই (SFI) নলবাৰী জিলা কমিটিৰ সম্পাদক ৰিহান চৌধুৰী উপস্থিত থাকে ।

লগতে পঢ়ক :গহপুৰত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.