ETV Bharat / state

সময়ৰ সোঁতত বিলীন হ’ব নেকি মনোমতীৰ জন্মস্থান ?

author img

By

Published : Aug 10, 2021, 2:25 PM IST

Updated : Aug 10, 2021, 6:13 PM IST

ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi)ৰ স্মৃতি বিজড়িত হাউলীস্থিত তাহানিৰ বৃটিছৰ ডাক বঙলা এতিয়া জৰাজীৰ্ণ অৱস্থাত ৷ ঐতিহাসিক ডাক বঙলাৰ মাটিত চলিছে অবৈধ বেদখল কাৰ্য ৷ এই ডাক বঙলাত থাকিয়েই উপন্যাস সম্ৰাট গৰাকীয়ে লিখিছিল তেওঁৰ দ্বিতীয়খন উপন্যাস ‘মনোমতী’ ৷ সংৰক্ষণৰ অভাৱত নিশ্চিহ্নৰ দিশে গতি কৰা এই ঐতিহাসিক ঠাইখিনিক লৈ শংকিত হাউলীবাসী ৷

memories of rajanikanta bordoloi at howly
ডাক বঙলাৰ দুৰাৱস্থা

বৰপেটা, 10 আগষ্ট : অসমীয়া উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi)ৰ স্মৃতি বিজড়িত এক ঐতিহাসিক স্থান হাউলী ৷ বৰ্তমানৰ বৰপেটা জিলাৰ হাউলী চহৰৰ সমীপৰ হালাপাকুৰী গাঁৱত সেই সময়ৰ বৃটিছ চৰকাৰে স্থাপন কৰা এটি ঐতিহাসিক ডাক বঙলাত বহি মাটিৰ হাকিম ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল তেওঁৰ দ্বিতীয়খন উপন্যাস ‘মনোমতী’ ৷

বৰপেটাৰ হাউলী অঞ্চল শাসন কৰা কোচ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ ৰাজত্ব আৰু মানৰ অসম আক্ৰমণক লৈ ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল বুৰঞ্জী নিৰ্ভৰ উপন্যাসখন ৷ কিন্তু বৃটিছে নিৰ্মাণ কৰা ডাক বঙলাটো আজি অনাদৃত তথা পৰিত্যক্ত অৱস্থাত ৷ ৰজাঘৰৰ অনাদৰ-অৱহেলাৰ বাবে বৃটিছৰ ডাক বঙলাটো নিশ্চিহ্ন হৈ যোৱা পৰিলক্ষিত হৈছে ৷

ৰজনীকান্ত বৰদলৈয়ে বাস কৰা বৃটিছৰ ডাক বঙলাটোৰ এতিয়া কোনো চিন-মোকাম নাই যদিও বৃটিছৰ দিনতে নিৰ্মাণ কৰা দুই-এটি ঘৰে এতিয়াও ডাক বঙলাটোৰ স্মৃতি সজীৱ কৰি ৰাখিছে ৷ সংৰক্ষণৰ অভাৱত ডাক বঙলাটো নিশ্চিহ্ন হৈ যোৱাৰ পাচত সম্প্ৰতি ঐতিহাসিক ডাক বঙলাৰ মাটিত চলিছে অবৈধ বেদখল ৷

সময়ৰ সোঁতত বিলীন হ’ব নেকি মনোমতীৰ জন্মস্থান ?

লগতে পঢ়ক : পৰিত্যক্ত অৱস্থাত আছে বজালীৰ গলিয়া মিনি ষ্টেডিয়াম

1897 চনৰ বৰ ভূঁইকপৰ পূৰ্বে অসমীয়া উপন্যাসৰ পিতৃস্বৰূপ ৰজনীকান্ত বৰদলৈয়ে এই ডাক বঙলাত থাকি অসমত চলা মান সেনাৰ অত্যাচাৰ, উৎপীড়নৰ কথা মনোমতীৰ পাতত লিখি থৈ গৈছিল ৷ ইয়াৰ লগতে হাউলীত ৰাজহাউলী পাতি ৰাজকাৰ্য চলোৱা কোচ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ ৰাজত্বৰ কাহিনী উপন্যাসত সন্নিবিষ্ট কৰি অসমীয়া জাতিক উজ্জীৱিত কৰি গৈছে এইগৰাকী ঔপন্যাসিকে ৷

কিন্তু দুৰ্ভাগ্যবশতঃ উপন্যাস সম্ৰাটগৰাকীৰ স্মৃতি বিজড়িত ঐতিহাসিক ডাক বঙলাটো বৰ্তমানেও দৃষ্টিগোচৰ হোৱা নাই চৰকাৰৰ ৷ যাৰ বাবে বিমৰ্ষ হৈ পৰিছে হাউলীৰ স্থানীয় লোক ৷ এই ডাক বঙলাত থাকিয়েই কোচ ৰজা চণ্ডী নাৰায়ণ বৰুৱাৰ বীৰগাঁথাক মহীয়ান কৰি তোলাৰ লগতে মনোমতীৰ জন্ম দিছিল ৰজনীকান্ত বৰদলৈয়ে ৷ বৰদলৈৰ স্মৃতি বিজড়িত বৃটিছৰ ডাক বঙলা থকা চৌপাশ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত শীঘ্ৰেই চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে হাউলীবাসীয়ে ৷

লগতে পঢ়ক : ধোঁৱাচাঙত জাঁজীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ

Last Updated :Aug 10, 2021, 6:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.