ETV Bharat / city

চৰকাৰ বিৰোধী শ্ল’গানত উত্তাল তিনিচুকীয়া

author img

By

Published : Aug 10, 2021, 4:48 PM IST

Updated : Aug 10, 2021, 6:53 PM IST

তিনিচুকীয়াত বাওঁপন্থী দল-সংগঠনৰ নেতৃত্বত ভাৰত বচাও দিৱস কাৰ্যসূচী । চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

Bharat bachau divas by Left organization At Tinsukia District
তিনিচুকীয়াত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও দিৱস কাৰ্যসূচী

তিনিচুকীয়া, 10 আগষ্ট : এফালে কৰণা সৃষ্ট ভয়ংকৰ পৰিস্থিতি আনফালে নিত্যব্যৱহাৰ্য সা-সামগ্ৰীৰ মূল্য বৃদ্ধি ৷ যাৰ ফলত চকুৰে সৰিয়হ ফুল দেখিব লগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ কিন্তু মূল্য বৃদ্ধিৰ প্ৰতি উদাসীনভাৱ গ্ৰহণ কৰিছে চৰকাৰে ৷ চৰকাৰৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ মধ্যভোগী আৰু পুঁজিপতি ব্যৱসায়ীয়ে ৰাইজৰ মূৰ শোধাইছে মাধমাৰ ৷ চৰকাৰৰ এনে স্থিতিৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল- সংগঠন ৷

৯ আগষ্টত 'ভাৰত ত্যাগ আন্দোলন'ৰ স্মৃতিৰ সৈতে লগত সংগতি ৰাখি CPIM কে ধৰি চি আই টি ইউ, কৃষক সভা আৰু সদৌ ভাৰত কৃষি শ্ৰমিক ইউনিয়নে ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পে'ট্ৰল-ডিজেল (Petrol-Diesel)কে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ তিনিচুকীয়া জিলাত ভাৰত বচাও দিৱস কাৰ্যসূচী ৰূপায়ণ বাওঁপন্থী সংগঠনৰ লগতে বহুকেইটা দলৰ ।

Bharat bachau divas by Left organization At Tinsukia District
তিনিচুকীয়াত বাওঁপন্থীৰ নেতৃত্বত ভাৰত বচাও দিৱস কাৰ্যসূচী

1942 চনৰ 9 আগষ্টৰ দিনটোতে ব্ৰিটিছৰ বিৰুদ্ধে মুম্বাইৰ Gawalia Tank ৰ পৰা আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন ৷ এই দিনটোক সুঁৱৰি সোমবাৰে তিনিচুকীয়াৰ থানা চাৰিআলিত (CITU) আৰু (AIKS) তিনিচুকীয়া জিলা সমিতিয়ে বিজেপি (BJP) দলৰ পৰা ভাৰত বচাও কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক - লখিমপুৰত মটক যুৱ ছাত্র সন্মিলনীৰ প্ৰতিবাদ

পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, ক'ভিড পৰিস্থিতিত প্ৰতিটো আয়হীন আৰু কৃষক পৰিয়ালক মাহিলি ৭,৫০০ টকা আদায় দিয়ক, কৃষক বিৰোধী তিনিখন কৃষি আইন বাতিল কৰক, MGNREGA ৰ অধীনত বছৰত ২০০ দিন কাম দিয়াৰ ব্যৱস্থা কৰক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ জনায় সংগঠন সমুহে ৷ তাৰোপৰি অসমৰ কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া বন্ধ কৰি কৰ্মচাৰীসকলৰ বকেয়া ধন আদায় দিয়াৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷

লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ বৃহৎ পুঁজিপতি মালিক গোষ্ঠীৰ ওচৰত পানীৰ দামত বিক্ৰী কৰি আহিছে চৰকাৰে । এটাৰ পিছত এটা উদ্যোগ বন্ধ কৰি আহিছে মোডী চৰকাৰে ৷ ফলত কৰ্মহীনতাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত । লাখ লাখ শ্ৰমিকে কৰ্মসংস্থাপন হেৰুওৱাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।

দেশ তথা ৰাজ্যত কৰ'ণা মহামাৰীয়ে স্তব্ধ কৰি পেলোৱাৰ সময়তে পে'ট্ৰল-ডিজেলকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে ৰাইজক । এইক্ষেত্ৰত মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক- মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দাবীত বঙাইগাঁৱত উত্তাল প্ৰতিবাদ

Last Updated : Aug 10, 2021, 6:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.