ETV Bharat / state

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন দাবীত বঙাইগাঁৱত উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 10, 2021, 11:53 AM IST

অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি পেট্ৰ’ল-ডিজেল (Petrol- Diesel) ৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএম দলে ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

CPIM Protest Rice Price At Bongaigaon
মূল্য বৃদ্ধিকে ধৰি বিভিন্ন দাবীত বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ

অভয়াপুৰী, 10 আগষ্ট : ১৯৪২ চনৰ ৯ আগষ্টৰ ভাৰত ত্যাগ আন্দোলনৰ লগত সংগতি ৰাখি CITU আৰু সৰ্বভাৰতীয় কৃষক সভাই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছিল ৷ এই আহ্বান অনুসৰি বঙাইগাঁও আৰু মাণিকপুৰতো চিপিআই এমকে ধৰি বিভিন্ন দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, ক'ভিড পৰিস্থিতিত প্ৰতিটো আয়হীন আৰু কৃষক পৰিয়ালক মাহিলি ৭,৫০০ টকা আদায় দিয়ক, কৃষক বিৰোধী তিনিখন কৃষি আইন বাতিল কৰক, MGNREGA ৰ অধীনত বছৰত ২০০ দিন কাম দিয়াৰ ব্যৱস্থা কৰক, অসমৰ কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া বন্ধ কৰি কৰ্মচাৰীসকলৰ বকেয়া ধন আদায় দিয়াকে আদি কৰি বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনসমূহে ৷

লগতে পঢ়ক - বিলাসীপাৰাত PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজৰ অভিযোগ

লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ বৃহৎ পুঁজিপতি মালিক গোষ্ঠীৰ ওচৰত পানীৰ দামত বিক্ৰী কৰি আহিছে । এটাৰ পিছত এটা উদ্যোগ বন্ধ কৰি আহিছে মোডী চৰকাৰে ৷ ফলত কৰ্মহীনতাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যত । ক'ভিড পৰিস্থিতিত দৰিদ্ৰ জনসাধাৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । লাখ লাখ শ্ৰমিকে কৰ্মসংস্থাপন হেৰুৱাই পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।

CPIM Protest Rice Price At Bongaigaon
মূল্য বৃদ্ধিকে ধৰি বিভিন্ন দাবীত বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ

দেশ তথা ৰাজ্যত কৰ'ণা মহামাৰীয়ে স্তব্ধ কৰি পেলোৱাৰ সময়তে পে'ট্ৰল-ডিজেলকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে ৰাইজক । এইক্ষেত্ৰত মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

নিৰ্বাচনৰ সময়ত ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছিল, সেইবোৰ চৰকাৰে এটাও পূৰণ নকৰিলে ৷ মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আঁভুৱা ভৰিছে ইত্যাদি বিভিন্ন মন্তব্যৰে চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷ চি আই টি ইউ, কৃষক সভা আৰু সদৌ ভাৰত কৃষি শ্ৰমিক ইউনিয়নে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কেইবা শতাধিক প্ৰতিবাদকাৰী উপস্থিত থাকে ।

লগতে পঢ়ক - কৃষক বিৰোধী আইন বাতিলৰ দাবীত শিলচৰত আইন অমান্য কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.