ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 4, 2022, 7:02 PM IST

7 বজাৰ 10 টা শীৰ্ষ বাতৰি
Top 10 at 7 pm

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Sudhir Suri shot dead: শিৱসেনাৰ নেতা সুধীৰ চুৰীক গুলীয়াই হত্যা

পঞ্জাৱৰ অমৃতসৰত শিৱসেনা তকচালীৰ মুৰব্বী সুধীৰ চুৰীক (Shiv Sena leader Sudhir Suri)গুলীয়াই হত্যা ৷ চুৰীয়ে গোপাল মন্দিৰৰ ওচৰত শিৱসেনাৰ নেতাসকলৰ সৈতে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছিল ৷


Assam Direct Recruitment Result: ৬ নৱেম্বৰত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল

দেওবাৰে ঘোষণা কৰা হ’ব কেইবাটাও বিভাগৰ তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফল (Recruitment examination Result) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে টুইটাৰ যোগে এই কথা সদৰী কৰিছে । সমগ্ৰ প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে হৈছে বুলি টুইট যোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে (Assam CM Himanta Biswa Sarma Tweet)।

Bhola Kataki is no more: ভ্ৰাম্যমান নাট্য জগতৰ পিতামহস্বৰূপ ভোলা কটকী আৰু নাই

গুৱাহাটী জি এম চি এইছত শেষ নিশ্বাস ত্যাগ কৰে প্ৰৱীণ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা ভোলা কটকীয়ে(Gauhati Medical College and Hospital) ৷ বিগত ১৭ দিন ধৰি চিকিৎসাধীন হৈ আছিল প্ৰবীণ অভিনেতাগৰাকী ৷

Assam Book Fair : আজিৰে পৰা 10 দিনীয়াকৈ ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা

আজিৰে পৰা 13 নৱেম্বৰলৈকে ধেমাজিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair To Be Held At Dhemaji)৷ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই অসম গ্ৰন্থমেলাত 100 ৰো অধিক কিতাপৰ বিপনীয়ে অংশগ্ৰহণ কৰিব ৷ আজি বিয়লি প্ৰায় 4 বজাত গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে ৷


Amid severe AQI: ভয়ংকৰ প্ৰদূষণ: 5 নৱেম্বৰৰ পৰা দিল্লীত সকলো প্ৰাথমিক বিদ্যালয় বন্ধ

দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ ৷ দিল্লীত বৰ্ধিত প্ৰদূষণৰ ভয়বহতাৰ ওপৰত লক্ষ্য ৰাখি অহা 5 নৱেম্বৰৰ পৰা ৰাজধানী চহৰ দিল্লীৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে চৰকাৰে (Schools to remain shut from amid severe AQI)।


Baby Rhino in Kaziranga NP: কাজিৰঙাত সন্তানৰ সুৰক্ষাৰ স্বাৰ্থত মাতৃৰ যুঁজ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সন্তানৰ সুৰক্ষাৰ স্বাৰ্থত এটি মাতৃ গঁড়ে যুঁজ কৰা এক ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈছে (Viral video of Kaziranga National park)। এগৰাকী টুৰিষ্ট গাইডৰ মোবাইলত আৱদ্ধ হৈছিল এই ভিডিঅ’টো (Rhino viral video in Kaziranga National park) ৷


Women physically assaulted by colleague: অসমীয়া মহিলাক প্ৰহাৰ কৰি বিপদত বহিঃৰাজ্যৰ যুৱক

সহকৰ্মী মহিলাক প্ৰহাৰ কৰি বিপদত পৰিল বহিঃৰাজ্যৰ যুৱক । বহিৰাগত কোম্পানীৰ যুৱকজনক শাস্তি প্ৰদান কৰিলে বীৰ লাচিত সেনাই । উল্লেখ্য যে সাধাৰণ কথাতে অসমীয়া মহিলাগৰাকীক প্ৰহাৰ কৰিছিল আল্লাদীপ ইৰা ভেংকটেশ্বৰ নামৰ এজন বিষয়াই (Woman physically assaulted by youth in Nagaon)। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত বীৰ লাচিত সেনা উপস্থিত হয় নগাঁৱৰ BMK নামৰ কোম্পানীটোৰ কাৰ্যালয়ত । ভেংকটেশ্বৰক আঠুকঢ়াই শাস্তি প্ৰদান কৰিলে বীৰ লাচিত সেনাই (Veer Lachit Sena punishes youth)। কেৱল এয়াই নহয় শাস্তি স্বৰূপে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতে ভেংকটেশ্বৰক প্ৰচণ্ড চৰ সোধালে ভুক্তভোগী মহিলাগৰাকীয়ে ।

Gamblers Arrest: মাণিকপুৰ আৰক্ষীৰ বৃহৎ সাফল্য

জুৱা খেলৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান অব্যাহত(Gambling game at Bongaigaon) । মাণিকপুৰ আৰক্ষীয়ে পুনৰ ৪ টাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়(Gambler arrested at Manikpur) । এক গোপন খবৰৰ ভিত্তিত বটগুৰীৰ পৰা আটক কৰিছে জুৱাৰী কেইটাক । বৃহস্পতিবাৰে নিশা বটগুৰীত অনুষ্ঠিত কৰিছিল বৃহৎ জুৱাখেলৰ । জুৱা খেল চলি থকাৰ সময়তে মাণিকপুৰ আৰক্ষীৰ নিদেৰ্শ মৰ্মে গেৰুকাবাৰী তহলদাৰী আৰক্ষীয়ে অভিযান চলাই জুৱাৰী কেইটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ অভিযানত ৬ নং জামদহাৰ নিজাম উদ্দিন আৰু বৃদ্ধবাশি গাঁৱৰ আন তিনিটা জুৱাৰী ডালিম ৰায়, কৰুণা কান্ত বৰ্মন,গোপাল ৰায়ক আটক কৰে । লগতে জব্দ কৰে ৮ ৪০০ নগদ ধন আৰু জুৱাখেলৰ বিভিন্ন সামগ্ৰী ।

Get well soon Akhil Gogoi: অস্ত্ৰোপচাৰৰ পূৰ্বে অখিল গগৈৰ শুভাকাংক্ষীয়ে ঈশ্বৰক জনালে প্ৰাৰ্থনা

হৃদযন্ত্ৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান বাংগালুৰুত চিকিৎসাধীন হৈ আছে অখিল গগৈ (Akhil Gogoi under treatment in Bengaluru) ৷ দাড়ি-চুলি কাটি বাংগালুৰুৰ নাৰায়ণা হাস্পতালত অখিল গগৈক এইদৰেই সাজু কৰি তোলা হৈছে হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে ৷ শুকুৰবাৰে বাংগালুৰুত হ’ব অখিল গগৈৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ (Akhil Gogoi undergoes heart surgery) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.