ETV Bharat / bharat

Amid severe AQI: ভয়ংকৰ প্ৰদূষণ: 5 নৱেম্বৰৰ পৰা দিল্লীত সকলো প্ৰাথমিক বিদ্যালয় বন্ধ

author img

By

Published : Nov 4, 2022, 3:13 PM IST

দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ ৷ দিল্লীত বৰ্ধিত প্ৰদূষণৰ ভয়বহতাৰ ওপৰত লক্ষ্য ৰাখি অহা 5 নৱেম্বৰৰ পৰা ৰাজধানী চহৰ দিল্লীৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে চৰকাৰে (Schools to remain shut from amid severe AQI)।

Delhi primary schools to remain shut from Nov 5 amid severe AQI: Kejriwal
Amid severe AQI: দিল্লীত 5 নৱেম্বৰৰ পৰা প্ৰথমিক বিদ্যালয়সমূহ বন্ধৰ ঘোষণা

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ: দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ ৷ বিগত দিনকেইটাত দিল্লীত বৰ্ধিত প্ৰদূষণৰ ভয়বহতাৰ ওপৰত লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (CM Arvind Kejriwal )পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ(CM Bhagwant Mann) সৈতে আলোচনাত মিলিত হৈ বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলত অহা 5 নৱেম্বৰৰ পৰা ৰাজধানী চহৰ দিল্লীৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ ৰখাৰ ঘোষণা কৰা হয় (Schools to remain shut from amid severe AQI)।

পৰিস্থিতিৰ তাৎক্ষণিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেজৰিৱালে কয় যে কেন্দ্ৰই ইটোৱে সিটোক দোষাৰোপ কৰি থকাৰ পৰিৱৰ্তে সমগ্ৰ উত্তৰ ভাৰতক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্দিষ্ট পদক্ষেপ ল'ব লাগে ৷

"এয়া দোষাৰোপ কৰা অথবা ৰাজনীতি কৰাৰ সময় নহয়। আমি পৰৱৰ্তী জাননী নোপোৱালৈকে প্ৰাথমিক বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ আনহাতে বিদ্যালয়সমূহত পঞ্চম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীসকলৰ বাবে ক্ৰীড়াৰ লগত জড়িত পাঠ্যক্ৰম নিয়ন্ত্ৰণ কৰা হ'ব ৷ আমি প্ৰদৃষণ নিয়ন্ত্ৰণ কৰিবলৈ কিছু ব্যৱস্থা গ্ৰহণ কৰিছো ৷ আমি দিল্লীবাসীক প্ৰতিশ্ৰুতি দিছো যে আগন্তুক বছৰৰ ভিতৰত ৰাজ্যখনত বায়ু প্ৰদূষণ যথেষ্ট হ্ৰাস কৰা হ'ব।"

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "শেহতীয়াকৈ পঞ্জাৱত বৃহৎ ধান খেতিসমূহৰ অৱশিষ্টসমূহ জ্বলাই দিয়াৰ ফলত বায়ুৰ প্ৰদূষণ অধিক হ'ব পাৰে ৷ পঞ্জাৱৰ পথাৰত খেতিৰ অৱশিষ্টসমূহ জ্বলাবলৈ 1.20 লাখ যন্ত্ৰ আছে ৷ অনাগত দিনত ৰাজ্যখনৰ গাওঁ পঞ্চায়তসমূহত খেতিৰ অৱশিষ্টসমূহ জ্বলাব নোৱৰাকৈ প্ৰস্তাৱ গৃহীত কৰা হৈছে ৷ "

ইফালে দিল্লীত বিগত দিনকেইটাত বায়ু গুণমান সূচকৰ (এ কিউ আই) ( Air Quality Index)মানদণ্ড অতি কম ৷ শুকুৰবাৰে পুৱাৰ পৰা দিল্লীৰ আকাশত কুঁৱলীয়ে আৱৰি ধৰিছিল ৷ ৰাজধানী চহৰখনত বৃহস্পতিবাৰৰ নিশা বায়ু গুণমান সূচকৰ পৰিমান 418 আৰু শুকুৰবাৰে পুৱালৈ 437 লৈ হ্ৰাস হয় ৷ এক তথ্য অনুসৰি খেতিপথাৰৰ অৱশিষ্টসমূহ জ্বলোৱাৰ ফলত বায়ু প্ৰদূষণত 34 শতাংশ অৰিহনা যোগাইছে ৷

লগতে পঢ়ক: Sheena Bora Murder Case : জীয়াই আছে শ্বীনা বৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.