Women physically assaulted by colleague: অসমীয়া মহিলাক প্ৰহাৰ কৰি বিপদত বহিঃৰাজ্যৰ যুৱক

By

Published : Nov 4, 2022, 4:11 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

সহকৰ্মী মহিলাক প্ৰহাৰ কৰি বিপদত পৰিল বহিঃৰাজ্যৰ যুৱক । বহিৰাগত কোম্পানীৰ যুৱকজনক শাস্তি প্ৰদান কৰিলে বীৰ লাচিত সেনাই । উল্লেখ্য যে সাধাৰণ কথাতে অসমীয়া মহিলাগৰাকীক প্ৰহাৰ কৰিছিল আল্লাদীপ ইৰা ভেংকটেশ্বৰ নামৰ এজন বিষয়াই (Woman physically assaulted by youth in Nagaon)। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত বীৰ লাচিত সেনা উপস্থিত হয় নগাঁৱৰ BMK নামৰ কোম্পানীটোৰ কাৰ্যালয়ত । ভেংকটেশ্বৰক আঠুকঢ়াই শাস্তি প্ৰদান কৰিলে বীৰ লাচিত সেনাই (Veer Lachit Sena punishes youth)। কেৱল এয়াই নহয় শাস্তি স্বৰূপে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতে ভেংকটেশ্বৰক প্ৰচণ্ড চৰ সোধালে ভুক্তভোগী মহিলাগৰাকীয়ে । প্ৰতিষ্ঠানটোৰ গাণনিক বিষয়া ৰূপে কৰ্মৰত হৈ আছে ভেংকটেশ্বৰ । ইফালে সংগঠনটোৰ অভিযোগৰ ভিত্তিত বদলিও কৰা হৈছে ভেংকটেশ্বৰক । ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে । অৱশ্যে সমগ্ৰ বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি কৰিছে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.