ETV Bharat / state

Baby Rhino in Kaziranga NP: কাজিৰঙাত সন্তানৰ সুৰক্ষাৰ স্বাৰ্থত মাতৃৰ যুঁজ

author img

By

Published : Nov 4, 2022, 5:29 PM IST

Rhino viral video in Kaziranga National park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সন্তানৰ সুৰক্ষাৰ স্বাৰ্থত মাতৃৰ যুঁজ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সন্তানৰ সুৰক্ষাৰ স্বাৰ্থত এটি মাতৃ গঁড়ে যুঁজ কৰা এক ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈছে (Viral video of Kaziranga National park)। এগৰাকী টুৰিষ্ট গাইডৰ মোবাইলত আৱদ্ধ হৈছিল এই ভিডিঅ’টো (Rhino viral video in Kaziranga National park) ৷

কাজিৰঙা, 4 নৱেম্বৰ: নৈৰ সমান ব’ব কোন, আইৰ সমান হ’ব কোন ? নিজ সন্তানৰ কাৰণে মাতৃয়ে কি কৰিব নোৱাৰে ! আমি বহু সময়ত মাতৃ আৰু সন্তানৰ বহু ঘটনা শুনি আহিছো ৷ কিন্তু এইবাৰৰ এই ঘটনা কিছু ব্যতিক্ৰম ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সন্তানৰ সুৰক্ষাৰ স্বাৰ্থত এটি মাতৃ গঁড়ে যুঁজ কৰা এক ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈছে (Viral video of Kaziranga National park)। এগৰাকী টুৰিষ্ট গাইডৰ মোবাইলত আৱদ্ধ হৈছিল এই ভিডিঅ’টো (Rhino viral video in Kaziranga National park) ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সন্তানৰ সুৰক্ষাৰ স্বাৰ্থত মাতৃৰ যুঁজ

ভিডিঅ'টোত দেখা হৈছে যে ৰাষ্ট্ৰীয় উদ্যানখনৰ (Kaziranga National park) বাগৰী বনাঞ্চলত সদ্যোজাত গঁড়ৰ পোৱালি এটা লৈ মাকে আপোন মনে চৰি আছে। হঠাতে সেই ঠাইত আন এটা গঁড় উপস্থিত হয় ৷ লগে লগে সতৰ্ক হৈ পৰে সদ্যোজাত গঁড়টোৰ মাক ৷

আনটো গঁড়ে যাতে পোৱালিটোৰ কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে গঁড়টোক আতৰাই পঠিয়াবলৈ এক প্ৰকাৰ যুঁজত নামি পৰে মাতৃ । কাজিৰঙাৰ নান্দনিক পৰিৱেশ উপভোগ কৰি থকাৰ মাজতেই পৰ্যটকসকলে এখন্তেক হ’লেও ৰৈ চাবলৈ বাধ্য হৈছিল এই দৃশ্য ৷

এই দৃশ্য উপভোগ কৰি আপ্লুত হয় উদ্যানখন চাবলৈ যোৱা দেশী-বিদেশী পৰ্যটক। মাতৃস্নেহৰ অপূৰ্ব দৃশ্যই মন জুৰ পেলায় সকলোৰে । উল্লেখ্যে যে এই নান্দনিক দৃশ্য কেমেৰাত বন্দী কৰে টুৰিষ্ট গাইড লিটন গোপে (Tourist Guide Liton Gope)।

ইয়াৰ পিছতে এই ভিডিঅ’টো সামাজিক মাধ্যমত এৰি দিয়ে লিটনে (Video viral on Social Media)৷ মাতৃ-সন্তানৰ এই বিৰল দৃশ্য দেখি সকলো মন্ত্ৰমুগ্ধ হৈ পৰে ৷ এই ভিডিঅ’টোৱে সামাজিক মাধ্যমত যথেষ্ট সহাৰি লাভ কৰিছে ৷

লগতে পঢ়ক: Adivasi Sengel Abhiyan: জনজাতিকৰণৰ লগতে বহুকেইইটা দাবীৰে চচলত আদিবাসীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.