Gamblers Arrest: মাণিকপুৰ আৰক্ষীৰ বৃহৎ সাফল্য

By

Published : Nov 4, 2022, 4:58 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

জুৱা খেলৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান অব্যাহত(Gambling game at Bongaigaon) । মাণিকপুৰ আৰক্ষীয়ে পুনৰ ৪ টাকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়(Gambler arrested at Manikpur) । এক গোপন খবৰৰ ভিত্তিত বটগুৰীৰ পৰা আটক কৰিছে জুৱাৰী কেইটাক । বৃহস্পতিবাৰে নিশা বটগুৰীত অনুষ্ঠিত কৰিছিল বৃহৎ জুৱাখেলৰ । জুৱা খেল চলি থকাৰ সময়তে মাণিকপুৰ আৰক্ষীৰ নিদেৰ্শ মৰ্মে গেৰুকাবাৰী তহলদাৰী আৰক্ষীয়ে অভিযান চলাই জুৱাৰী কেইটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ অভিযানত ৬ নং জামদহাৰ নিজাম উদ্দিন আৰু বৃদ্ধবাশি গাঁৱৰ আন তিনিটা জুৱাৰী ডালিম ৰায়, কৰুণা কান্ত বৰ্মন,গোপাল ৰায়ক আটক কৰে । লগতে জব্দ কৰে ৮ ৪০০ নগদ ধন আৰু জুৱাখেলৰ বিভিন্ন সামগ্ৰী ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.