ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jul 10, 2022, 7:00 PM IST

top-10-at-7-pm
top-10-at-7-pm

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

অসম-অৰুণাচলৰ সীমা বিবাদ : শীঘ্ৰেই অনুষ্ঠিত হ'ব মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

অসম-অৰুণাচল দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা ন্যায়ালয়ৰ বাহিৰত সমাধান কৰাৰ বাবে ইতিমধ্যে এক ৰূপৰেখা প্ৰস্তুত কৰি উলিওৱা হৈছে । ইটানগৰত হ'ব মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক (Meeting between Assam and Arunachal Pradesh CM)। দুয়োখন ৰাজ্যৰ মাজত চিনাক্ত কৰা হৈছে ১২৩ টা বিবদমান এলেকা । চৰকাৰী তথ্য মতে অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি অৰুণাচলৰ দখলত আছে ।

Suicide attempt in Saraighat bridge: আকৌ শৰাইঘাট দলঙৰ পৰা জঁপিয়ালে যুৱকে

গুৱাহাটীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে আত্মহত্যাৰ ঘটনা (Worrying increase in suicides in Guwahati)৷ পুনৰ শৰাইঘাটত শিহৰণকাৰী ঘটন৷ শৰাইঘাট দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Suicide attempt in Saraighat bridge)৷

Punjab CM demand for land: পৃথকে বিধানসভা-উচ্চ ন্যায়ালয় সাজিব খোজে ভগৱন্ত মানে

মুখ্যমন্ত্ৰী ভগৱন্ত মানে হাৰিয়ানাৰ দৰে পঞ্জাৱৰ বাবে পৃথক বিধানসভা আৰু উচ্চ ন্যায়ালয়ৰ ভূমিৰ দাবীক লৈ আৰম্ভ হৈছে প্ৰতিক্ৰিয়া (Punjab CM demands land for separate Assembly)।মুখ্যমন্ত্ৰী মানৰ এনে দাবীৰ পাছতে ক্ষুব্ধ হৈছে কংগ্ৰেছ ।

Eid celebration at Diphu: ডিফুত ঈদৰ সমূহীয়া নামাজ আদায় তিনি সহস্ৰাধিক লোকৰ


আজি ৰাজ্য়ৰ অন্য় প্ৰান্তৰ লগতে ডিফুতো পালন কৰা হয় ঈদ-উল-আজহা (Eid celebration at Diphu)। ঈদ উপলক্ষে বিভিন্ন ধৰ্মালম্বীৰ লোক,পথচাৰীৰ লগতে আৰক্ষী আৰু চিআৰপিএফ জোৱানৰ মাজত শীতল পানীয়ৰ লগতে মিঠাই বিতৰণ কৰি ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

অসমবাসীলৈ ঈদ-উজ-জোহাৰ শুভেচ্ছা হোজাই জিলা সাহিত্য সভাৰ

দেওবাৰে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশ্বজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা(Eid al-Adha) ৷ ক'ভিড পৰিস্থিতি কিছু পৰামাণে সুস্থ হোৱাৰ পাছত সমগ্ৰ ৰাজ্যতে দেখা গ'ল ঈদৰ আনন্দ । ৰাজ্যৰ ঈদগাহ সমূহতো ঈদ-উল-আজহাৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয় । ঈদ উপলক্ষে হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে এক বাৰ্তাৰ জৰিয়তে ৰাজ্যবাসীলৈ জনালে ঈদৰ শুভেচ্ছা ৷

দেশবাসীক ঈদৰ শুভেচ্ছা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ

দেশজুৰি উলহ মালহেৰে পালন কৰা হৈছে পৱিত্ৰ ঈদ-উল-জুহা (Eid al Adha 2022)। দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়েও দেশবাসীক ঈদৰ শুভেচ্ছা জনালে । টুইটযোগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও জনালে ঈদৰ শুভেচ্ছা ।

Tinsukia Ambush: আলফাক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

পেঙেৰীত সন্দেহজনক আলফা(স্বা)ৰ সদস্যক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা (Firing between police and ULFA in Tinsukia)। বৰডুমচা থানাৰ অন্তৰ্গত কুজুপথাৰ অঞ্চলত আলফাৰ দলে বাহৰ পাতি আছিল । গুলীয়াগুলিৰ ঘটনাত দুয়োপক্ষৰ কোনো লোক হতাহত হোৱা নাই যদিও সংঘৰ্ষস্থলীৰ পৰা পলায়ন আলফাৰ দলটোৰ ।

National Fish Farmers Day : বাক্সাত ৬৮ গৰাকী মীন পালকক আৰ্থিক সাহায্য প্ৰদান

বাক্সাৰ মুছলপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস পালন (National Fish Farmers Day celebrated in Baska) ৷ এই দিৱস উপলক্ষে আয়োজিত এই সভাত বিটিচিৰ ৬৮ গৰাকী মীন পালকক বিশ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷

কপিলী শান্ত হোৱাৰ কামনাৰে কামপুৰবাসীৰ পূজা-অৰ্চনা

কপিলী নৈ শান্ত হোৱাৰ কামনাৰে কামপুৰবাসীয়ে কৰিলে পূজা-অৰ্চনা, নাম-কীৰ্তন ৷ দুটাকৈ বানে সৰ্বস্বান্ত কৰা কামপুৰবাসী অৱশেষত শৰণাপন্ন হৈছে নেদেখাজনৰ ওচৰত ৷

অমানৱীয়: অপৰাধৰ শাস্তি হিচাপে নগাঁৱত জীৱন্তে জ্বলাই দিলে এজনক

নিষ্ঠুৰ, নিৰ্দয়, আসুৰিক কি বুলি ক'ব আপুনি ? অতি নৃশংস ঘটনা সংঘটিত হৈছে নগাঁৱত (Horrific incident in Nagaon)। অপৰাধীক চৰম শাস্তি দিলে গাঁৱৰ ৰাইজে । জীৱন্তে জ্বলাই মাটিত পুতি থ'লে হত্যাৰ অভিযুক্তক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.