ETV Bharat / state

অসম-অৰুণাচলৰ সীমা বিবাদ : শীঘ্ৰেই অনুষ্ঠিত হ'ব মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

author img

By

Published : Jul 10, 2022, 3:37 PM IST

অসম-অৰুণাচল দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা ন্যায়ালয়ৰ বাহিৰত সমাধান কৰাৰ বাবে ইতিমধ্যে এক ৰূপৰেখা প্ৰস্তুত কৰি উলিওৱা হৈছে । ইটানগৰত হ'ব মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক (Meeting between Assam and Arunachal Pradesh CM)। দুয়োখন ৰাজ্যৰ মাজত চিনাক্ত কৰা হৈছে ১২৩ টা বিবদমান এলেকা । চৰকাৰী তথ্য মতে অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি অৰুণাচলৰ দখলত আছে ।

border
সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

গুৱাহাটী,১০ জুলাই : অসম আৰু অৰুণাচলৰ মাজত থকা সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে চলিত মাহৰ শেষ ভাগত অথবা আগষ্ট মাহৰ প্ৰথম সপ্তাহত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত বৈঠক অনুষ্ঠিত হ'ব (CM level meeting will be held over border dispute)। দিছপুৰৰ এটা সূত্রই জনোৱা মতে মুখ্যমন্ত্ৰী পৰ্যায়ত হ'বলগীয়া এই বৈঠকখন অৰুণাচলৰ ৰাজধানী ইটানগৰত অনুষ্ঠিত হ'ব ।

border
সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

জানিব পৰা মতে দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা (Assam and Arunachal border dispute) ন্যায়ালয়ৰ বাহিৰত সমাধান কৰাৰ বাবে ইতিমধ্যে এক ৰূপৰেখা প্ৰস্তুত কৰি উলিওৱা হৈছে । আনহাতে আগন্তুক অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ পাছতেই দুয়োখন ৰাজ্যই গঠন কৰা আঞ্চলিক কমিটীসমূহে যৌথভাৱে বিবদমান এলেকা পৰিদৰ্শন কৰিব ।

border
সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

উল্লেখ্য যে, মেঘালয়ৰ সৈতে সীমা বিবাদৰ সমস্যা দূৰ কৰাৰ ক্ষেত্রত ব্যৱহাৰ হোৱা সূত্ৰৰ আধাৰত অৰুণাচলৰ সীমা সমস্যা সমাধান কৰা হ'ব । বিগত ২০ এপ্ৰিলত গুৱহাটীত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ মাজত সীমা সমস্যাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল (Assam and Arunachal CM meeting over border dispute)। উক্ত বৈঠকতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে আলাপ-আলোচনাৰ মাজেৰে এই সমস্যা সমাধানৰ সিদ্ধান্ত লৈছিল ।

border
অসম-অৰুণাচলৰ সীমা বিবাদ

দুয়োখন ৰাজ্যৰ মাজত মুঠতে ১২৩ টা বিবদমান এলেকা ইতিমধ্যে চিনাক্ত কৰি উলিওৱা হৈছে । আঞ্চলিক কমিটীসমূহে এই ১২৩ টা বিবদমান এলেকা পৰিভ্ৰমণ কৰি উক্ত অঞ্চলৰ স্থানীয় লোকৰ মতামত গ্ৰহণ কৰিব । আনহাতে, বিবদমান এলেকাৰ ৰাইজৰ মতামতৰ লগতে অঞ্চলসমূহৰ ভৌগোলিক অৱস্থা, প্ৰশাসনীয় সুবিধা আদি দিশসমূহতো গুৰুত্ব দিয়া হ'ব । দুয়োখন ৰাজ্যৰে আঞ্চলিক কমিটীয়ে দিয়া প্রতিবেদনৰ ভিত্তিতেই দুয়োখন ৰাজ্যৰ চৰকাৰে অনাগত দিনত সীমা সমস্যাৰ সমাধানৰ ক্ষেত্রত ব্যৱস্থা গ্ৰহণ কৰিব ।

border
সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কেইবা দশকজুৰি অসম আৰু চুবুৰীয়া ৰাজ্যকেইখনৰ মাজত চলি থকা সীমা বিবাদৰ জটিল সমস্যাটো তেওঁৰ কাৰ্যকালতে সমাধান কৰাৰ বাবে চেষ্টা কৰিব । সেই অনুসৰি ইতিমধ্যে মেঘালয়ৰ সৈতে চলি থকা অসমৰ সীমা বিবাদ কিছু পৰিমাণে নিষ্পত্তি হৈছে (Assam and Meghalaya border dispute)। সীমান্তৱৰ্তী ১২ টা বিবদমান অঞ্চলৰ ভিতৰত ইতিমধ্যে ৬ টা স্থানৰে বিবাদ নিষ্পত্তি হৈছে আৰু দুয়োখন ৰাজ্যৰ মাজত চুক্তিও স্বাক্ষৰিত হৈছে ।

border
সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

মেঘালয়ৰ সৈতে সীমা সমস্যা সমাধানৰ দিশত এটা খোজ আগবঢ়াৰ পিছত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে চলি অহা সীমা সমস্যা নিষ্পত্তিৰ বাবে আগবাঢ়িছে অসম চৰকাৰ । অসম-অৰুণাচলৰ সীমা সমস্যাৰ সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ প্ৰথমখন বৈঠক বিগত ২০ এপ্ৰিলত গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছিল । বৈঠকখনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী তথা শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিছিল । পুনৰ মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক ইটানগৰত অনুষ্ঠিত হ'ব ।

border
সীমা বিবাদৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

উল্লেখ্য যে অসম চৰকাৰে বিধানসভাত প্ৰদান কৰা তথ্য মতে অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি অৰুণাচলে দখল কৰি ৰাখিছে । ইয়াৰে শোণিতপুৰ জিলাত ১.০৮ হেক্টৰ, বিশ্বনাথত ৪৭৫১ হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১ হেক্টৰ, ধেমাজিত ১০৫৫.৭৪ হেক্টৰ, ডিব্ৰুগড়ত ১০ হেক্টৰ আৰু চৰাইদেউত ৬০২.০১ হেক্টৰ অসমৰ ভূমি অৰুণাচলৰ দখলত আছে ।

লগতে পঢ়ক :অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডত অচলাৱস্থা; শোচনীয় অৱস্থাত উৎপাদন কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.