ETV Bharat / state

অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডত অচলাৱস্থা; শোচনীয় অৱস্থাত উৎপাদন কেন্দ্ৰ

author img

By

Published : Jul 9, 2022, 10:49 PM IST

সংকটত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড (Assam Khadi and Village Industries Board)। উদ্বেগজনকভাৱে অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডে স্থাপন কৰা উৎপাদন কেন্দ্ৰসমূহ এতিয়া এটাৰ পাছত আনটোকৈ বন্ধ হৈ পৰিছে ।

Assam Khadi and Village Industries Board
অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডত অচলাৱস্থা, শোচনীয় অৱস্থাত উৎপাদন কেন্দ্ৰ

গুৱাহাটী, ৯ জুলাই: সংকটত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড (Assam Khadi and Village Industries Board)। উদ্বেগজনকভাৱে অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডে স্থাপন কৰা উৎপাদন কেন্দ্ৰসমূহ এতিয়া এটাৰ পাছত আনটোকৈ বন্ধ হৈ পৰিছে ।

ক'ভিডসৃষ্ট পৰিস্থিতিৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে থলুৱা উৎপাদন কেন্দ্ৰ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছিল । দেশক আত্মনিৰ্ভৰশীল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল বহু নতুন পদক্ষেপ । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক অসম চৰকাৰেও সঁহাৰি জনাইছিল । ৰাজ্যৰ উৎপাদন খণ্ডত এক নতুন জাগৰণ সৃষ্টিত গুৰুত্ব দিয়া হৈছিল । কিন্তু আশ্চৰ্যকৰ কথা যে ইতিহাস জড়িত হৈ থকা ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুকেইটা খাদী উদ্যোগ সক্ৰিয় কৰাৰ বাবে এইপর্যন্ত চৰকাৰে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ।

এটা সময়ত ৰাজ্যখনৰ কেইবাখনো জিলাৰ গ্ৰামাঞ্চলত থকা খাদী বৰ্ডৰ উৎপাদন কেন্দ্ৰসমূহ সক্ৰিয় হৈ আছিল । ৰাজ্যৰ ভিতৰত এই কেন্দ্ৰসমূহৰ জৰিয়তে উৎপাদিত থলুৱা সামগ্ৰীসমূহ ৰাজ্যতেই বিক্ৰী কৰা হৈছিল । ইয়াৰ বাবে খাদী ব'ৰ্ডৰ কেইবাখনো জিলাত আছে নিজা বিপণী । অর্থাৎ উৎপাদন কেন্দ্ৰ যেনেদৰে আছে, ঠিক সেইদৰে বিপণীও আছে । কিন্তু এতিয়া পূৰ্বতে স্থাপন কৰা ভালেসংখ্যক উৎপাদন কেন্দ্ৰ নিস্ক্ৰীয় হৈ পৰিছে ।

কেঁচা সামগ্ৰী যোগান ধৰিব নোৱাৰাত বন্ধ হৈ পৰিছে ভালেকেইটা উৎপাদন কেন্দ্ৰ । জানিব পৰা মতে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কামৰূপত ৮ টা, নলবাৰীত ৭ টা, বৰপেটা আৰু মৰিগাঁৱত ৩ টা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দৰং, শোণিতপুৰ, গোলাঘাট, লখিমপুৰ, কাছাৰ আৰু হাইলাকান্দিত এটাকৈ, গোৱালপাৰা, নগাঁও, যোৰহাট, শিৱসাগৰ, কৰিমগঞ্জ আৰু ডিমা হাছাওত ২ টাকৈ আৰু কাৰ্বি আংলং জিলাত ৪টা উৎপাদন কেন্দ্ৰ আছিল ।

কিন্তু এতিয়া এইসমূহ উৎপাদন কেন্দ্ৰৰ ভালেসংখ্যকৰে উৎপাদন সীমিত । কোনো কোনো উৎপাদন কেন্দ্ৰত উৎপাদনেই বন্ধ হৈ পৰিছে । উৎপাদন বন্ধ হৈ পৰাত যন্ত্ৰপাতিও জহি-খহি গৈছে । এক কথাত চৰকাৰে এই উৎপাদন কেন্দ্ৰসমূহ সক্ৰিয় কৰাৰ বিশেষ পদক্ষেপ লোৱা নাই । ইফালে পুঁজিৰ অভাৱত খাদী বৰ্ডেও নিষ্ক্ৰীয় উদ্যোগসমূহ সক্ৰিয় কৰাৰ পদক্ষেপ ল’ব পৰা নাই । খাদী ব’ৰ্ডে নিজৰ আয়েৰে কৰ্মচাৰীক দৰমহা দিবলৈও সক্ষম হোৱা নাই ।

প্ৰতি মাহত দৰমহাৰ বাবে চৰকাৰৰ ওচৰত পুঁজিৰ আবণ্টন বিচাৰিব লাগে । অৱসৰপ্ৰাপ্ত কৰ্মচাৰীকো অৱসৰকালীন ধন দিবলৈ অসমর্থ হৈছে খাদী ব'ৰ্ড । যাৰ ফলত এতিয়া এই থলুৱা উৎপাদন কেন্দ্ৰসমূহ মৃত্যুৰ দিশলৈ এটাৰ পাছত এটাকৈ গতি কৰিছে । চৰকাৰে খাদী ব'ৰ্ডৰ উৎপাদন কেন্দ্ৰসমূহ সক্ৰিয় কৰি তুলিলে স্থানীয় শিপিনীসকলৰো সংস্থাপনৰ পথ নিশ্চিত হ'লহেঁতেন । অৰুণোদয় আঁচনিৰ বহু হিতাধিকাৰী এই কেন্দ্ৰসমূহৰ জৰিয়তে সহজতে স্বাৱলম্বী হোৱাৰ সুযোগ পালেহেঁতেন ।

কিন্তু এতিয়া দিনে দিনে লোকচানৰ দিশলৈ গতি কৰা খাদী ব’ৰ্ড নিয়াৰিকৈ পৰিচালনা কৰিবলৈ কৰ্মচাৰীৰো অভাৱ হৈছে । অৱসৰ পোৱা কৰ্মচাৰীৰ সংখ্যা অনুপাতে নতুন নিযুক্তি মুকলি কৰিব নোৱৰাত দিনে দিনে লোকচানৰ দিশলৈ গতি কৰিছে খাদী ব’র্ড । যাৰ পৰিপ্ৰেক্ষিতত বন্ধ হোৱাৰ উপক্ৰম হৈছে এটাৰ পাছত আনটোকৈ উৎপাদন কেন্দ্ৰ ।

লগতে পঢ়ক: Suicides in the city: মহানগৰীত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.