ETV Bharat / state

অমানৱীয়: অপৰাধৰ শাস্তি হিচাপে নগাঁৱত জীৱন্তে জ্বলাই দিলে এজনক

author img

By

Published : Jul 10, 2022, 11:18 AM IST

Murder
অপৰাধৰ শাস্তি হিচাপে নগাঁৱত জীৱন্তে জ্বলাই দিলে এজনক

নিষ্ঠুৰ, নিৰ্দয়, আসুৰিক কি বুলি ক'ব আপুনি ? অতি নৃশংস ঘটনা সংঘটিত হৈছে নগাঁৱত (Horrific incident in Nagaon)। অপৰাধীক চৰম শাস্তি দিলে গাঁৱৰ ৰাইজে । জীৱন্তে জ্বলাই মাটিত পুতি থ'লে হত্যাৰ অভিযুক্তক ।

নগাঁও,১০ জুলাই : ৰাজ্যত অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে । হত্যাৰ অভিযুক্তক মৃত্যুদণ্ড দিলে গাঁৱৰ ৰাইজে (Brutal incident in Nagaon)। ৰাইজমেল পাতি হত্যাৰ দৰে চৰম শাস্তি ঘোষণা কৰিলে গাঁৱৰ ৰাইজে । কেৱল এয়াই নহয় জীৱন্তে জ্বলাই পুতিও থ'লে মৃতদেহ ।

এই লোমহৰ্ষক ঘটনা নগাঁও জিলাৰ পুৰণিগুদামৰ বৰলালুং গাঁৱৰ । এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উঠিছিল ৰঞ্জিত বৰদলৈ নামৰ লোকজনৰ বিৰুদ্ধে । তাৰ পাছতে গাঁৱৰ একাংশ লোকে ৰাইজমেল পাতি চূড়ান্ত শাস্তি হিচাপে অভিযুক্ত ৰঞ্জিত বৰদলৈক মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত লয় ।

ৰাইজমেলৰ সিদ্ধান্ত অনুসৰি ৰঞ্জিত বৰদলৈক অতি নৃশংসভাৱে জীৱন্তে জ্বলাই দিয়ে একাংশ লোকে (One burnt alive in Nagaon as punishment)। পিছত জ্বলি যোৱা মৃতদেহটো মাটিত পুতি থয় । লক্ষণীয়ভাৱে এই ধৰণৰ অমানৱীয় কাণ্ড সংঘটিত হোৱাৰ কোনো উমানে পোৱা নাছিল আৰক্ষীয়ে । পিছত এই ঘটনাৰ খবৰ বিয়পি পৰাৰ পাছতহে তৎপৰ হৈছে নগাঁও আৰক্ষী ।

খবৰ পোৱাৰ পাছত শনিবাৰে নিশাই বৰলালুং গাঁৱত উপস্থিত হয় এটা বৃহৎ আৰক্ষীৰ দল । চামগুৰি আৰক্ষীৰ লগতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসো নিশাই উপস্থিত হয় গাঁওখনত । লগতে দণ্ডাধীশৰ উপস্থিতিত মাটি খান্দি উলিওৱা হয় জীৱন্তে জ্বলাই পুতি থোৱা ৰঞ্জিত বৰদলৈৰ মৃতদেহ (Dead body recovered in Nagaon)। মৃতদেহ উদ্ধাৰ কৰাৰ লগতে এনে এক চৰম শাস্তি প্ৰদান কৰা ৰাইজমেল সন্দৰ্ভতো অনুসন্ধান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।

ঘটনা সন্দৰ্ভত নিশাই দুজন পুৰুষসহ কেইবাগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে । ইতিমধ্যে লোকসকলক জেৰা অব্যাহত ৰাখিছে আৰু ঘটনাৰ (Nagaon murder case) অনুসন্ধান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । এই লোমহৰ্ষক ঘটনাক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে আইন হাতত তুলি লোৱা এই ঘটনাক গৰিহণা দিয়াৰ লগতে অমানৱীয় কাণ্ড সংঘটিত কৰা সকলক কঠোৰ শাস্তিৰো দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক :ৰহাত গ্ৰেপ্তাৰ এটা দুধৰ্ষ চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.