ETV Bharat / state

ৰহাত গ্ৰেপ্তাৰ এটা দুধৰ্ষ চোৰ

author img

By

Published : Jul 10, 2022, 9:34 AM IST

ৰহা আৰক্ষীৰ হাতত ধৰা পৰিল এটা দুধৰ্ষ চোৰ (Raha Police arrested a thief) ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চোৰটোৱে ৷ অকণ চাহু নামৰ এজন ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে চোৰটোক ৷

Thief arrested at Nagaon
ৰহাত গ্ৰেপ্তাৰ এটা দুধৰ্ষ চোৰ

ৰহা, 10 জুলাই: ৰহাত এটা চোৰে দীৰ্ঘদিনৰে পৰা আতংক চলাই গৈছিল ৷ মিউ নামৰ এটা দুধৰ্ষ চোৰে বহুদিনৰে পৰা অঞ্চলজুৰি ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ অঞ্চলবাসীৰ নিদ্ৰাহৰণ কৰা দুধৰ্ষ চোৰটো ধৰা পৰিল ৰহা আৰক্ষীৰ হাতত (Thief arrested at Nagaon) ৷ নবজ্যোতি দাস ওৰফে মিউ নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰহা আৰক্ষীয়ে (Raha police arrested thief)৷

দীৰ্ঘদিন ধৰি ৰহা নগৰৰ বিভিন্ন অঞ্চলত চুৰি কাৰ্য তথা বিভিন্ন অপৰাধমূলক কাৰ্যৰে সন্ত্ৰাস চলাই আহিছিল নবজ্যোতি দাস নামৰ চোৰটোৱে ৷ ৰহাৰ বামুণীয়া গাঁৱৰ ৰৱডী দাসৰ ১৯ বছৰীয়া পুত্ৰ ড্ৰাগছ আসক্ত মিউ অৰ্থাৎ নবজ্যোতিয়ে আজি কেইদিনমানৰ আগতে ৰহাৰ নতুন চাৰিআলিস্থিত অকণ চাহু নামৰ এজন ব্যৱসায়ীৰ ঘৰত নিশা প্ৰৱেশ কৰি সোণৰ অলংকাৰসহ দুটা মোবাইল হেণ্ডচেট চুৰ কৰি লৈ যায় । এই চুৰি কাৰ্যত মিউৰ লগত জড়িত আছিল একে গাঁৱৰে ৰণ্টু দাস ৷

এই সম্পৰ্কে ব্যৱসায়ীজনে ৰহা থানাত অভিযোগ দাখিল কৰাৰ পিছত ৰহা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত চলাই ৷ শুকুৰবাৰে নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুধৰ্ষ চোৰ দুটাক ৷ মিউৰ সহযোগী বামুণীয়া গাঁৱৰ ৰণ্টু দাসৰ পুত্ৰ ৰাজীব দাস নামৰ চোৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে দুয়োটা চোৰৰ পৰা ৩ টা মোবাইল হেণ্ডচেট, ৩ জোৰ সোণৰ ফুলি, ২ টা সোণৰ আঙঠি, ১ ডাল সোণৰ চেইন, ৩ টা সোণৰ নাক ফুলি আৰু অন্যান্য কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: ঈদৰ প্ৰাকক্ষণত নলবাৰীৰ ধমধমাত আটক দুই গৰু চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.