ETV Bharat / state

Cow thieves arrested: ঈদৰ প্ৰাকক্ষণত নলবাৰীৰ ধমধমাত আটক দুই গৰু চোৰ

author img

By

Published : Jul 9, 2022, 4:17 PM IST

two cow thieves arrested in nalbari dhamdhama
ঈদৰ প্ৰাকঃক্ষণত নলবাৰীৰ ধমধমাত আটক দুই গৰু চোৰক

কালিলৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উজ-জোহা (Holy Eid-ul-Adha of Muslims) । ঈদৰ প্ৰাকক্ষণত নলবাৰীত আৰক্ষীৰ জালত পৰে দুটা কুখ্যাত গৰু চোৰ(Cow thief arrested in Nalbari) । গৰু চুৰি কৰি আনি থকা অৱস্থাতে ৰাইজে চোৰ দুটাক আটক কৰি গটাই দিয়ে আৰক্ষীক ।

নলবাৰী, ৯ জুলাই: ঈদৰ প্ৰাকক্ষণত নলবাৰীৰ ধমধমাত আৰক্ষীৰ জালত পৰে দুটা কুখ্যাত গৰু চোৰ(Cow thief arrested in Nalbari)। গৰু চুৰি কৰি আনি থকাৰ সময়তে স্থানীয় ৰাইজে আটক কৰে চোৰ দুটাক । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে চোৰ দুটাক ।

ঈদৰ প্ৰাকঃক্ষণত নলবাৰীৰ ধমধমাত আটক দুই গৰু চোৰক

জানিব পৰা মতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত আল্লিয়া একদেলীয়া গাঁৱৰ পৰা নিশাৰ ভাগত চোৰ দুটাই সংঘটিত কৰিছিল চুৰিকাণ্ড । গৰু চুৰি কৰি আনি থকা অৱস্থাত ধমধমাৰ চটাইবাৰীত ৰাইজে নিশা দুই চোৰক আটক কৰি ধমধমা আৰক্ষী চকীত চমজাই দিয়ে ৷ ধৃত চোৰ দুটা ক্ৰমে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত মিলন বজাৰ গাঁৱৰ হাৰমুত আলী আৰু ধমধমাৰ ৰঙাফালি গাঁৱৰ জাহেদুল ইছলাম বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: নলবাৰীৰ ১ নং জয়সাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.