ETV Bharat / state

নলবাৰীৰ ১ নং জয়সাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন

author img

By

Published : Jul 9, 2022, 2:16 PM IST

ৰাজ্য়ৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে(Japanese encephalitis panic in Assam) । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ইজনৰ পাছত সিজনকৈ লোক । নলবাৰীটো দেখা গৈছে এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ(Japanese encephalitis outbreak in Nalbari) । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মুকালমুৱাৰ এজন লোক(Man from Mukalmua suffering from Japanese encephalitis) ।

japanese encephalitis outbreak at jayasagar in nalbari
নলবাৰীৰ ১ নং জয়সাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন

নলবাৰী,৯ জুলাই: ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা(Japanese encephalitis panic in Assam) । নলবাৰীতো দেখা গৈছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ(Japanese encephalitis outbreak in Nalbari) । নলবাৰী জিলাৰ ১ নং জয়সাগৰত জাপানীজ এনকছফেলাইটিছত আক্ৰান্ত হৈছে এজন লোক । ইয়াৰ পাছতেই সমগ্ৰ নলবাৰীত বিৰাজ কৰিছে জাপানীজ এনকেফেলাইটিছৰ আতংক ।

নলবাৰীৰ ১ নং জয়সাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন

মুকালমুৱাৰ ১নং জয়সাগৰত এজন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয়(Man from Mukalmua suffering from Japanese encephalitis) । ১নং জয়সাগৰৰ বিষ্ণুপুৰৰ গংগাধৰ তালুকদাৰ নামৰ লোকজন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয় । কিছুদিন পূৰ্বে গংগাধৰ তালুকদাৰৰ জ্বৰ হোৱাত পৰিয়ালৰ লোকে মুকালমুৱা চিকিৎসালত চিকিৎসা কৰে ।

কিন্তু চিকিৎসাৰ পিছতো জ্বৰ ভাল নোপোৱাত লোকজনক উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে নলবাৰীলৈ লৈ যায় । নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালত লোকজনৰ জাপানীজ এনকেফেলাইটিছৰ পৰীক্ষা কৰোৱাত লোকজনৰ দেহত জাপানীজ এনকেফেলাইটিছ ৰোগ ধৰা পৰে । পৰবৰ্তী সময়ত লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ।

এনকেফেলাইটিছত আক্ৰান্ত লোকজন বৰ্তমান GMCH তে চিকিৎসাধীন হৈ আছে । লোকজনৰ দেহত জাপানীজ এনকেফেলাইটিছ ধৰা পৰাত অঞ্চলবাসী আতংকিত হৈ পৰে । ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সমগ্ৰ বিষ্ণুপুৰ অঞ্চলটোতে ফ'গিং কৰা হৈছে আৰু সকলোকে ঔষধযুক্ত আঠুৱা বিতৰণ কৰা হৈছে । অঞ্চলটোৰ সকলো লোককে সজাগ সচেতন হৈ থকাৰ লগতে নিজকে মহৰ কামোৰৰ পৰা বচাই ৰাখিবলৈ অনুৰোধ জনাই মুকালমুৱা চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিয়া চক্ৰধৰ বৰ্মনে ।

লগতে পঢ়ক: চৰকাৰৰ স্ক্ৰেপজ নীতি: সংশয়ত ভুগিছে কাজিৰঙাৰ জীপ ছাফাৰী সন্থা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.