ETV Bharat / state

National Fish Farmers Day : বাক্সাত ৬৮ গৰাকী মীন পালকক আৰ্থিক সাহায্য প্ৰদান

author img

By

Published : Jul 10, 2022, 6:16 PM IST

বাক্সাৰ মুছলপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস পালন (National Fish Farmers Day celebrated in Baska) ৷ এই দিৱস উপলক্ষে আয়োজিত এই সভাত বিটিচিৰ ৬৮ গৰাকী মীন পালকক বিশ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷

National Fish Farmers Day 2022
বাক্সাত ৬৮ গৰাকী মীন পালকক আৰ্থিক সাহায্য প্ৰদান

বাক্সা, ১০ জুলাই : আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস (National Fish Farmers Day 2022) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বিচিআৰৰ অন্তৰ্গত বাক্সা জিলাৰ মুছলপুৰতো বিটিচিৰ মীন বিভাগৰ উদ্যোগত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় মীন পালক দিৱস (National Fish Farmers Day celebrated in Baska)৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় মীন পালক দিৱসৰ কাৰ্যসূচী ৷

মুছলপুৰত ৰাষ্ট্ৰীয় মীন পালক দিৱস পালন

ইয়াৰ পিছতে বাপন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন মুকলি সভা ৷ বিটিআৰৰ পাঁচখন জিলাৰ পৰা অহা মীন পালকৰ উপস্থিতিত বিটিচিৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই মীন পালক সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷ বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে মীন পালনৰ পদ্ধতি আৰু ইয়াৰ লাভালাভ সম্পৰ্কত বিষদভাৱে ব্যাখ্যা কৰি মীন পালন কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় ৷

National Fish Farmers Day 2022
বাক্সাত ৬৮ গৰাকী মীন পালকক আৰ্থিক সাহায্য প্ৰদান

দেওবাৰে বাক্সাত আয়োজিত এই সভাত বিটিচিৰ মীন আৰু ৰাজহ বিভাগৰ সচিব নগেন্দ্ৰ বসুমতাৰী, পশু পালন বিভাগৰ যুটীয়া সঞ্চালক জ্যোতিপদ দাস, বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী উৎপল জ্যোতি শৰ্মাকে ধৰি কেবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, দেওবাৰে ৰাষ্ট্ৰীয় মীন পালক দিৱস উপলক্ষে বিটিচিৰ ৬৮ গৰাকী মীন পালকক এই সভাতে বিশ হাজাৰ টকাকৈ এক আৰ্থিক সাহায্য প্ৰদান কৰে ৷

লগতে পঢ়ক : হোজাইত ডেৰ লাখটকীয়া আমৰ ভোজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.