ETV Bharat / state

Eid celebration at Diphu: ডিফুত ঈদৰ সমূহীয়া নামাজ আদায় তিনি সহস্ৰাধিক লোকৰ

author img

By

Published : Jul 10, 2022, 5:24 PM IST

আজি ৰাজ্য়ৰ অন্য় প্ৰান্তৰ লগতে ডিফুতো পালন কৰা হয় ঈদ-উল-আজহা (Eid celebration at Diphu)। ঈদ উপলক্ষে বিভিন্ন ধৰ্মালম্বীৰ লোক,পথচাৰীৰ লগতে আৰক্ষী আৰু চিআৰপিএফ জোৱানৰ মাজত শীতল পানীয়ৰ লগতে মিঠাই বিতৰণ কৰি ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

Eid celebration at Diphu
Eid celebration at Diphu

ডিফু, 10 জুলাই : দেওবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা(Eid al-Adha) ৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱৰ অন্যতম হ’ল ঈদ-উল-আজহা । দেওবাৰে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো পালন কৰা হয় ঈদ-উল-আজহা(Eid celebration at Diphu)। ক'ভিড পৰিস্থিতি কিছু পৰামাণে সুস্থ হোৱাৰ পাছত ৰাজ্যৰ আন জিলাৰ লগতে ডিফুতো দেখা গ'ল ঈদৰ আনন্দ । ঈদ উপলক্ষে ডিফু মছজিদ প্ৰাংগণ আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৷

Eid celebration at Diphu
ডিফুত ঈদ উদযাপন

পুৱা 8 বজাত ডিফু জামে মছজিদত আলাহাজ মৌলানা গিয়াছ উদ্দিন কাছিমীৰ ইমামতিত্বত প্ৰায় তিনি সহস্ৰাধিক লোকে ঈদ-উজ-জোহাৰ 2 ৰাকাত ৱাজিব নামাজ আৰু খুতবা আদায় কৰা হয় ৷ নামাজৰ শেষত মৃতকৰ আত্মাৰ শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে ৷

Eid celebration at Diphu
ডিফুত ঈদ উদযাপন

ইমাম আলহাজ মৌলানা গিয়াছ উদ্দিন কাছিমিয়ে সংবাদমাধ্যমৰ আগত কয় যে লকডাউনৰ বাবে বিগত ঈদৰ নামাজ সমূহ সমজুৱাকৈ আদায় কৰা নহ'ল ৷ বিশ্ব শান্তিৰ লগতে ভাৰত, অসম আৰু জিলাখনত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাবে দোৱা কৰা হয় ৷

ডিফুত ঈদ উদযাপন

নামাজ আদায় কৰাৰ পিছত চৰকাৰী আইন অনুসৰি কুৰ্বানি আদায় কৰা হ'ব বুলি জানিবলৈ দিয়ে ইমাম গিয়াছ উদ্দিন কাছিমীয়ে ৷ নামাজৰ শেষত ইজনে সিজনক স্নেহালিংগন কৰি ঈদ-উজ-জোহাৰ শুভেচ্ছা জনায় ৷

Eid celebration at Diphu
ডিফুত ঈদ উদযাপন

ইয়াৰোপৰি ডিফু মছজিদ কমিটিৰ তৰফৰ পৰা বিভিন্ন ধৰ্মালম্বীৰ লোক, পথচাৰীৰ লগতে আৰক্ষী আৰু চিআৰপিএফ জোৱানৰ মাজত শীতল পানীয়ৰ লগতে মিঠাই বিতৰণ কৰি ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : Eid celebration at Dibrugarh: ডিব্ৰুগড়ত ঈদৰ সমূহীয়া নামাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.