ETV Bharat / state

অসমবাসীলৈ ঈদ-উজ-জোহাৰ শুভেচ্ছা হোজাই জিলা সাহিত্য সভাৰ

author img

By

Published : Jul 10, 2022, 6:29 PM IST

দেওবাৰে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশ্বজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা(Eid al-Adha) ৷ ক'ভিড পৰিস্থিতি কিছু পৰামাণে সুস্থ হোৱাৰ পাছত সমগ্ৰ ৰাজ্যতে দেখা গ'ল ঈদৰ আনন্দ । ৰাজ্যৰ ঈদগাহ সমূহতো ঈদ-উল-আজহাৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয় । ঈদ উপলক্ষে হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে এক বাৰ্তাৰ জৰিয়তে ৰাজ্যবাসীলৈ জনালে ঈদৰ শুভেচ্ছা ৷

hojai-sahitya-sabha-secretary-gives-greetings-of-eid
হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে অসমবাসীলৈ জনালে ঈদৰ শুভেচ্ছা

হোজাই, 10 জুলাই : দেওবাৰে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশ্বজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা (Eid al-Adha)৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱৰ অন্যতম হ’ল ঈদ-উল-আজহা । সমান্তৰালকৈ ক'ভিড পৰিস্থিতি কিছু পৰামাণে সুস্থ হোৱাৰ পিচত সমগ্ৰ ৰাজ্যতে দেখা গ'ল ঈদৰ আনন্দ । ৰাজ্যৰ ঈদগাহ সমূহতো ঈদ-উল-আজহাৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয় ।

ইফালে, পৱিত্ৰ ঈদ-উল-আজহা উপলক্ষে হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে এক বাৰ্তাৰ জৰিয়তে ৰাজ্যবাসীলৈ জনালে ঈদৰ শুভেচ্ছা(Hojai Sahitya Sabha secretary gives greetings of Eid) ৷

হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে অসমবাসীলৈ জনালে ঈদৰ শুভেচ্ছা

উল্লেখ্য যে, ৰাজ্যজুৰি শেহতীয়াকৈ হোৱা বানে কিছু অঞ্চলত সমস্যাৰ সৃষ্টি কৰিলেও স্তিমিত হোৱা নাই ঈদৰ উচ্চাহ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ, দৰগাহ, ঈদ ময়দান আদি ঈদৰ বাবে সজাই-পৰাই তোলা হৈছে । পুৱা নিৰ্ধাৰিত সময়ত ঈদৰ সমূহীয়া নামাজো অনুষ্ঠিত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত । বিশ্ব শান্তি আৰু একতাৰ বাবে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায় ৰাইজে ।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সমূহীয়া নামাজৰ আয়োজন কৰা হয় (Eid public namaz in Guwahati)। মহানগৰীৰ আমবাৰীস্থিত বুঢ়া মছজিদ, দীঘলী পুখুৰীৰ মছজিদ, গুৱাহাটী ঈদগাহকে ধৰি বিভিন্ন স্থানত সমূহীয়া নামাজ সমাপন হয় । পুৱা ৮.৩০ বজাত মাছখোৱাস্থিত গুৱাহাটী ঈদগাহতো কেইবা শতাধিক লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে ।

এই সমূহীয়া নামাজত ইমামতি দিয়ে মাছখোৱা পক্কা মছজিদৰ ইমাম মাজাহাৰুল ইমলাম কাচিমিয়ে । ইফালে পৱিত্ৰ ঈদ-উল-আজহাক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে ইছলাম ধৰ্মী লোকসকলৰ মাজত । মুঠতে চাৰিওফালে এতিয়া ঈদৰ আনন্দ উল্লাহ ।

লগতে পঢ়ক : Eid al Adha 2022 : গুৱাহাটীত ঈদৰ উচ্চাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.