ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 3, 2022, 5:07 PM IST

top-10-at-5pm
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

কেবিনেটৰ সিদ্ধান্তক সন্মান জনাই বিজেপি সাংসদ ডাঃ ৰাজদ্বীপে বিদায় দিলে PSO ক

দেওবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ‌ প্ৰতি সন্মান জনাই সসন্মানে নিজৰ নিৰাপত্তাৰক্ষীৰ দলক বিদায় দিলে বিজেপি সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা ডাঃ ৰাজদ্বীপ ৰায়ে (MP Dr Rajdeep Roy surrenders PSO and house guards) ।

Assam Book Fair 2021 : মাত্ৰ ৪ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰ গ্ৰন্থ

চানমাৰিৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলা (Assam Book Fair 2021) ত পাঠকৰ ব্যাপক সঁহাৰি ৷ গ্ৰন্থমেলাৰ চাৰিটা দিন অতিক্ৰম কৰাৰ পিছতে বিক্ৰী হ’ল প্ৰায় 1 কোটি টকা মূল্যৰ কিতাপ (one crore rupees books sold out in 4 days) ৷

ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিছে উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ে ১১ জানুৱাৰীত এই বিষয়টোৰ বাবে শুনানি ধাৰ্য কৰিছে (Gauhati high court seeks details about alleged fake encounter in Assam) ।

Covid vaccination for teens starts today: দুলীয়াজানত শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
দুলীয়াজানত শুভাৰম্ভ হ’ল ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Covid vaccination for teens starts today)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে এই কাৰ্যসূচীৰ ৷

Adil Hussain in Forbes' List : ফ'ৰ্বছৰ বর্ষশ্ৰেষ্ঠ বলীউড অভিনেতাৰ তালিকাত আদিল হুছেইন

নিজৰ অভিনয় শৈলীৰে বিশ্বজুৰি খ্যাতি লাভ আৰু জনপ্ৰিয় হোৱা অসমৰ সু-সন্তান আদিল হুছেইনে International Magazine "Forbes"ত নিজৰ নাম অন্তৰ্ভূক্ত কৰি দেশবাসীক কৰিলে গৌৰাৱান্বিত ৷ 2021 বৰ্ষক সামৰি ফ'ৰ্বছ-এ প্ৰকাশ কৰা এখন তালিকাত নাম অন্তৰ্ভূক্ত হ’ল আদিল হুছেইনৰ (Adil Hussain in Forbes’ list of outstanding Hindi actors in 2021) ৷

ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছক প্ৰধান বিৰোধী দল বুলি দাবী অভিষেক বেনাৰ্জীৰ

প্ৰধানমন্ত্ৰী আগমনৰ পূৰ্বে ত্ৰিপুৰাত উপস্থিত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী (AITC General Secretary Abhishek Banerjee in Tripura)। বেনাৰ্জীৰ মতে ত্ৰিপুৰাত তৃণমূল এতিয়া প্ৰধান বিৰোধী দল । সাধাৰণ সম্পাদকগৰাকীৰ দাবী বিজেপি গুণ্ডা বাহিনীক ভয় নকৰে তৃণমূল কংগ্ৰেছে ।


NLFT cadre surrender: নৱবৰ্ষৰ পহিলা দিনটোতে ত্ৰিপুৰাত আত্মসমৰ্পণ NLFT কেডাৰৰ

ত্ৰিপুৰাত বিদ্ৰোহী সংগঠনৰ আত্মসমৰ্পণৰ ধাৰা অব্যাহত আছে । এইবাৰ বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰিলে NLFT সংগঠনৰ দুজনকৈ কেডাৰে (NLFT cadre surrenders before BSF in Tripura)। NLFT(BM)ৰ জ্যেষ্ঠ কেডাৰ ক্ষিতিশ দেৱবৰ্মা ওৰফে কখী আৰু স্বপন দেৱবৰ্মা ওৰফে বাথাৰে শনিবাৰে আত্মসমৰ্পণ কৰে । ত্ৰিপুৰাত NLFTৰ মুঠ ৩১ জন সদস্যই বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰিছে ।
ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদখন পুনৰ বিজেপিৰ দখললৈকে আহিব :বিধায়ক প্ৰশান্ত ফুকন

ৰাজ্যত আৰম্ভ হৈছে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ কুচকাৱাজ(Preparation for Thengal Kachari autonomous council election) ৷ শাসক দল বিজেপিৰ লগতে অগপ আৰু কংগ্ৰেছ দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে নিৰ্বাচনক লৈ ৷ চলিত বৰ্ষৰ 20 জানুৱাৰীত অনুষ্ঠিত হ'ব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৷ জানিব পৰা মতে 22 টা সমষ্টিৰ পৰিষদখনৰ নিৰ্বাচনত বিজেপি দলে 17 টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ লগতে মিত্ৰজোঁটৰ অগপ দলক পাঁচটা সমষ্টি এৰি দিছে ।

John Abraham and Wife tested Covid 19 positive : পত্নীৰ সৈতে ক’ভিড-19 ত আক্ৰান্ত জন আব্ৰাহাম

তিনিদিন আগতে এজন ক’ভিড 19 পজিটিভ ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল অভিনেতা জন আব্ৰাহাম আৰু পত্নী প্ৰিয়া ৷ সম্প্ৰতি দুয়োগৰাকী আক্ৰান্ত হৈছে ভাইৰাছবিধৰ দ্বাৰা (John Abraham and Wife tested Covid 19 positive) ৷

ছয় জনগােষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ অসন্তুষ্ট TAYPA

জনজাতিকৰণ সন্দৰ্ভত প্ৰদান কৰা বক্তব্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা টাই আহোম যুৱ পৰিষদৰ ৷ ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ(ST status to six communities of Assam) ক্ষেত্ৰত কেন্দ্ৰ আৰু অসমৰ উভয় চৰকাৰৰ সদিচ্ছা দেখি বিগত ২০২১ চনৰ অসম বিধান সভা নির্বাচনত ছয় জনগােষ্ঠীৰ ৰাইজে বিজেপি মিত্ৰজোঁটক প্ৰৱলভাৱে ভােটদান কৰি চৰকাৰ গঠন কৰিবলৈ সুবিধা প্রদান কৰিছিল বুলিও দাবী সংগঠনটোৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.