ETV Bharat / city

কেবিনেটৰ সিদ্ধান্তক সন্মান জনাই বিজেপি সাংসদ ডাঃ ৰাজদ্বীপে বিদায় দিলে PSO ক

author img

By

Published : Jan 3, 2022, 1:00 PM IST

silchar-mp-dr-rajdeep-roy-surrenders-pso-escorts-house-guards
কেবিনেটৰ সিদ্ধান্তক সন্মান জনাই বিজেপি সাংসদ ডাঃ ৰাজদ্বীপে বিদায় দিলে PSO ক

দেওবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ‌ প্ৰতি সন্মান জনাই সসন্মানে নিজৰ নিৰাপত্তাৰক্ষীৰ দলক বিদায় দিলে বিজেপি সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা ডাঃ ৰাজদ্বীপ ৰায়ে (MP Dr Rajdeep Roy surrenders PSO and house guards) ।

গুৱাহাটী, 3 জানুৱাৰী : এইবাৰ স-সন্মানে নিজৰ নিৰাপত্তাৰক্ষীৰ দলক বিদায় দিলে বিজেপি সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা ডাঃ ৰাজদ্বীপ ৰায়ে । দেওবাৰে জ্যেষ্ঠ নেতা ডাঃ ৰাজদ্বীপ ৰায়ে এক পত্ৰযোগে আনুষ্ঠানিকভাৱে এই বিষয়ে অৱগত কৰে কাছাৰৰ আৰক্ষী অধীক্ষকক ।

silchar-mp-dr-rajdeep-roy-surrenders-pso-escorts-house-guards
কেবিনেটৰ সিদ্ধান্তক সন্মান জনাই বিজেপি সাংসদ ডাঃ ৰাজদ্বীপে বিদায় দিলে PSO ক

ইতিমধ্যে বিগত বছৰৰ শেষৰফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো বিজেপি মন্ত্ৰী-বিধায়কক PSO ত্যাগ কৰিবলৈ আহ্বান জনাই PSO সংস্কৃতিতো কংগ্ৰেছৰহে সৃষ্টি, বিজেপিৰ নহয় বুলি মন্তব্য কৰিছিল (Assam cabinet decides to reduce PSO facility) ৷

সেই অনুসৰি বছৰটোৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত PSO সন্দৰ্ভত কেবিনেটে ল'লে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

কোনে নিৰাপত্তাৰ বাবে লগত ৰাখিব পাৰিব PSO ? এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "সাংবিধানিক পদবীসমূহৰ বাহিৰে বাকীসকলে PSO ব্যৱহাৰ কৰা সন্দৰ্ভত কেবিনেটে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam cabinet on PSO) ।

মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু নতুন বছৰৰ পহিলা ভাগতে ৰাজ্যিক কেবিনেটে এই সংক্ৰান্তত গ্ৰহণ কৰা সিদ্ধান্তৰ‌ প্ৰতি সন্মান জনাই বিগত সাত বছৰজুৰি নিৰাপত্তাৰ দায়িত্ব পালন কৰি অহা অসম আৰক্ষীৰ দলটোক বিদায় দিয়ে বিজেপি সাংসদ ডাঃ ৰাজদ্বীপ ৰায়ে (MP Dr Rajdeep Roy surrenders PSO and house guards) ৷

তথ্য অনুসৰি, অসম আৰক্ষীৰ চাৰিটা বেটালিয়নৰ প্ৰায় চাৰে চাৰি হাজাৰ জোৱান নিয়োজিত হৈ আছে বিভিন্ন লোকৰ নিৰাপত্তাৰ দায়িত্বত । ইয়াৰে প্ৰায় অৰ্ধেক সংখ্যকেই আছে বিভিন্ন ৰাজনৈতিক নেতাৰ নিৰাপত্তাৰ দায়িত্বত । শেহতীয়াকৈ লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে PSO প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : ধেমাজিলৈ গৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.