ETV Bharat / state

Assam Book Fair 2021 : মাত্ৰ ৪ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰ গ্ৰন্থ

author img

By

Published : Jan 3, 2022, 8:42 AM IST

চানমাৰিৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলা (Assam Book Fair 2021) ত পাঠকৰ ব্যাপক সঁহাৰি ৷ গ্ৰন্থমেলাৰ চাৰিটা দিন অতিক্ৰম কৰাৰ পিছতে বিক্ৰী হ’ল প্ৰায় 1 কোটি টকা মূল্যৰ কিতাপ (one crore rupees books sold out in 4 days) ৷

one crore rupees books sold out in 4 days in assam book fair Guwahati
মাত্ৰ ৪ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰ গ্ৰন্থ

গুৱাহাটী, 3 জানুৱাৰী : উদুলি-মুদুলি অসম গ্ৰন্থমেলা (Assam Book Fair 2021) ৰ বাকৰি । নতুন বছৰৰ পাতনিতে অভিলেখৰ সৃষ্টি হ'ল অসম গ্ৰন্থমেলাত (New record in Assam Book Fair) ৷ চানমাৰিৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰৰ বাকৰিত ২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অসম প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক বিক্ৰেতা সংস্থাই যুটীয়াভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে । গ্ৰন্থমেলা আৰম্ভ হোৱাৰে পৰা মাত্ৰ চাৰি দিনতে বিক্ৰী হয় অভিলেখসংখ্যক প্ৰায় ১ কোটি মূল্যৰো অধিক গ্ৰন্থ (one crore rupees books sold out in 4 days) ।

পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে বছৰটোৰ প্ৰথমটো দিনত অভিলেখ সংখ্যক ৪০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি সদৰী কৰে । বিপৰীতে, উদ্যোক্তা অসম প্ৰকাশন পৰিষদৰ বিপণীত চাৰিটা দিনত বিক্ৰী হৈছে চাৰিলাখ টকাৰ গ্ৰন্থ । নতুন বছৰৰ প্ৰথমটো দিনতে প্ৰায় ১৮ হাজাৰ লোকৰ সমাগম ঘটে গ্ৰন্থমেলা বাকৰিত ।

মাত্ৰ ৪ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰ গ্ৰন্থ

উল্লেখ্য যে, গ্ৰন্থমেলাৰ ২৫ হাজাৰ টিকট বিক্ৰী হোৱাৰ বিপৰীতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰৱেশ বিনামূলীয়া কৰা হৈছে ।

অসম গ্ৰন্থমেলাত কেইবাখনো কিতাপে লাভ কৰিছে পাঠকৰ বিপুল সমাদৰ । তাৰে ভিতৰত এইবাৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত অনুৰাধা শৰ্মা পূজাৰীৰ 'ইয়াত এখন অৰণ্য আছিল' নামৰ উপন্যাসখন বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছেহি পাঠকে । মাত্ৰ চাৰিটা দিনতে গ্ৰন্থমেলাৰ প্ৰায়ভাগ বিপণীতে নাইকিয়া হৈছে এই গ্ৰন্থখন । অনুৰাধা শৰ্মা পূজাৰীৰ আন এখন গ্ৰন্থ মেৰেং, ৰত্নোত্তমা দাস বিক্ৰমৰ অৰ্বাচীন, বৈদুৰ্য বৰুৱাৰ গ্ৰন্থ আকৌ চেণ্টু দা আৰু নৱাগতা লেখিকা ইন্দ্ৰাণী শৰ্মাৰ আবিৰ নামৰ গ্ৰন্থকেইখনৰ বৃদ্ধি হৈছে ৷ লগতে লাচিত বৰফুকন নামৰ গ্ৰন্থখনৰো বিক্ৰী ভাল হোৱা বুলি মন্তব্য কৰে বিক্ৰেতাই ।

one crore rupees books sold out in 4 days in assam book fair Guwahati
মাত্ৰ ৪ দিনতে বিক্ৰী হ'ল ১ কোটি টকাৰ গ্ৰন্থ

যোৱা বৰ্ষৰ তুলনাত গ্ৰন্থমেলাৰ অভিলেখ এইবাৰ ভংগ হ'ব বুলি আশাবাদী উদ্যোক্তাসকল । উল্লেখযোগ্য যে, শিশুৰ বাবে উপযোগী গ্ৰন্থসমূহো বিক্ৰী হৈছে এইবাৰৰ অসম গ্ৰন্থমেলাত । এই পাঁচটা দিনত বিভিন্ন লেখকৰ ১১৫ খনৰো অধিক গ্ৰন্থ উন্মোচন হৈছে ।

জানিব পৰা মতে, আৰু প্ৰায় ৩০০ খন নতুন গ্ৰন্থ প্ৰকাশৰ সম্ভাৱনা আছে অসম গ্ৰন্থমেলাত ৷

লগতে পঢ়ক : বৃহস্পতিবাৰে অন্ত পৰিল একাদশ কলগাছিয়া গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.