ETV Bharat / sitara

John Abraham and Wife tested Covid 19 positive : পত্নীৰ সৈতে ক’ভিড-19 ত আক্ৰান্ত জন আব্ৰাহাম

author img

By

Published : Jan 3, 2022, 11:56 AM IST

তিনিদিন আগতে এজন ক’ভিড 19 পজিটিভ ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল অভিনেতা জন আব্ৰাহাম আৰু পত্নী প্ৰিয়া ৷ সম্প্ৰতি দুয়োগৰাকী আক্ৰান্ত হৈছে ভাইৰাছবিধৰ দ্বাৰা (John Abraham and Wife tested Covid 19 positive) ৷

John Abraham, wife Priya test COVID-19 positive
ক‘ভিড-19 ত আক্ৰান্ত জন আৰু প্ৰিয়া

চিটাৰা ডেস্ক, 3 জানুৱাৰী : বলীউডৰ অভিনেতা-প্ৰযোজক জন আব্ৰাহাম আৰু পত্নী প্ৰিয়াই ক’ভিড-19 ত আক্ৰান্ত হৈ বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে (John Abraham and Wife tested Covid 19 positive) । সোমবাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে কথাটো অনুৰাগীসকলক অৱগত কৰিলে জনে ৷

জানিব পৰা মতে, তিনিদিন আগতে এজন ক’ভিড 19 পজিটিভ ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল অভিনেতা জন আব্ৰাহাম আৰু পত্নী প্ৰিয়াই ৷ এই কথা সদৰী কৰিছে অভিনেতাগৰাকীয়ে ৷

জনে এই সম্পৰ্কত লিখিছে এনেদৰে, "I came in contact 3 days ago with someone who I later learned had COVID. Priya and I have tested positive for COVID. We have been quarantined at home so haven't been in contact with anyone else."

তেওঁলোক দুয়োৱে ক’ভিড-19 ৰ সাধাৰণ লক্ষণসমূহ অনুভৱ কৰাৰ কথাও মুকলিকৈ জনায় ৷ লগতে প্ৰত্যেককে ভালদৰে মাস্ক পৰিধান কৰি সু-স্বাস্থ্য অটুট ৰখাৰ আহ্বান জনায় ৷

দেখা গৈছে যে, শেহতীয়াকৈ বলীউডৰ বহু কেইগৰাকী চেলিব্ৰেটি কৰ’ণাত আক্ৰান্ত হৈছে ৷ ম্ৰুণাল ঠাকুৰ, নোৰা ফতেহী আৰু শিল্পা শিৰোদকাৰকে ধৰি বলীউডৰ আন কেইবাগৰাকীও চেলিব্ৰেটিয়ে ক’ভিড-19 আক্ৰান্ত হোৱাৰ কথা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৷

বিগত সপ্তাহত অভিনেতা অৰ্জুন কাপুৰ, তেওঁৰ সম্পৰ্কীয় ভনী ছবি প্ৰযোজক ৰিয়া কাপুৰ আৰু তেওঁৰ স্বামী কৰণ বুলানীও ক’ভিড-19 ত আক্ৰান্ত হৈছিল । অৰ্জুনৰ ভগ্নী অংশুলা কাপুৰো কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল ৷

লগতে পঢ়ক: "মাম্মা" বুলি মাাতিলে ভামিকাই, আনন্দিত হৈ ভিডিঅ' শ্বেয়াৰ কৰিলে অনুষ্কাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.