ETV Bharat / bharat

NLFT cadre surrender: নৱবৰ্ষৰ পহিলা দিনটোতে ত্ৰিপুৰাত আত্মসমৰ্পণ NLFT কেডাৰৰ

author img

By

Published : Jan 2, 2022, 6:46 PM IST

NLFT cadre surrender
NLFT cadre surrender

ত্ৰিপুৰাত বিদ্ৰোহী সংগঠনৰ আত্মসমৰ্পণৰ ধাৰা অব্যাহত আছে । এইবাৰ বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰিলে NLFT সংগঠনৰ দুজনকৈ কেডাৰে (NLFT cadre surrenders before BSF in Tripura)। NLFT(BM)ৰ জ্যেষ্ঠ কেডাৰ ক্ষিতিশ দেৱবৰ্মা ওৰফে কখী আৰু স্বপন দেৱবৰ্মা ওৰফে বাথাৰে শনিবাৰে আত্মসমৰ্পণ কৰে । ত্ৰিপুৰাত NLFTৰ মুঠ ৩১ জন সদস্যই বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰিছে ।

আগৰতলা,২ জানুৱাৰী : নৱবৰ্ষৰ প্ৰথমটো দিনত ত্ৰিপুৰাত নিষিদ্ধ সংগঠনৰ কেডাৰে আত্মসমৰ্পণ কৰে । নিষিদ্ধ সংগঠন নেশ্যনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ (NLFT) দুজনকৈ সদস্যৰ বিএছএফৰ সন্মুখত আত্মসমৰ্পণ (NLFT cadre surrenders before BSF in Tripura)। BSFৰ ত্ৰিপুৰাৰ মহাপৰিদৰ্শক সুশান্ত কুমাৰ নাথে সংবাদমেল সম্বোধন কৰি জনোৱা মতে, ইতিমধ্যে ৰাজ্যখনৰ বিদ্ৰোহী সংগঠনসমূহৰ বহু সদস্যই আত্মসমৰ্পণ কৰি বিএছএফৰ প্ৰচেষ্টাত সংগঠনসমূহ মূলসুঁতিলৈ আহিবলৈ আৰম্ভ কৰিছে । ফলস্বৰূপে, NLFT(BM)ৰ বহু বিদ্ৰোহী নেতাই ইতিমধ্যে বিএছএফ আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে ।

বছৰৰ আৰম্ভণিতে আত্মসমৰ্পণ কৰা বিদ্ৰোহী সংগঠনৰ কেডাৰ কেইজনৰ ভিতৰত এজন হৈছে NLFT(BM)ৰ জ্যেষ্ঠ কেডাৰ ক্ষিতিশ দেৱবৰ্মা ওৰফে কখী আৰু আনজন স্বপন দেৱবৰ্মা ওৰফে বাথাৰ । দুয়োজন খোৱাই জিলাৰ চম্পাহুৰৰ বাসিন্দা । BSFৰ বিষয়াগৰাকীয়ে জনোৱা মতে ক্ষিতিশ দেৱবৰ্মাই ২০১৯ চনতে NLFT(BM)ত যোগদান কৰিছিল আৰু অস্ত্ৰ-শস্ত্ৰৰ কৌশলৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।

ত্ৰিপুৰাত আত্মসমৰ্পণ NLFT কেডাৰৰ

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তালিকাত তেওঁক NLFT(BM)ৰ সক্ৰিয় কেডাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে স্বপন দেৱবৰ্মাই ২০২০ চনত সংগঠনত যোগদান কৰিছিল । BSFৰ বিষয়াগৰাকীৰ মতে শেহতীয়া বছৰবোৰত বহু সংখ্যক NLFT(BM)ৰ কেডাৰে বিএছএফ আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে ।

উল্লেখ্য যে, ত্ৰিপুৰাত NLFTৰ মুঠ ৩১ জন সদস্যই বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰিছে । ইয়াৰ ভিতৰত ২০১৭ চনৰ পৰা ২০২০ চনলৈ আত্মসমৰ্পণ কৰিছে ২৩ জন কেডাৰে । ২০২১ চনৰ শেষৰ ফালে ৬ জনে আত্মসমৰ্পণ কৰিছে আৰু ২০২২ চনৰ প্ৰথম দিনটোতে ২ জনে আত্মসমৰ্পণ কৰিলে ।

লগতে পঢ়ক :BSF raid in Tripura border : ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত আটক ২১৮ গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.