ETV Bharat / bharat

BSF raid in Tripura border : ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত আটক ২১৮ গৰাকী লোক

author img

By

Published : Jan 2, 2022, 1:48 PM IST

২০২১ বৰ্ষত ত্ৰিপুৰাৰ সীমান্ত অঞ্চলত বিভিন্ন অপৰাধ আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত মুঠ ২১৮ গৰাকী লোকক আটক কৰা হৈছে (BSF apprehended 218 persons in Tripura border)। বিএছএফৰ অভিযানত প্ৰায় ৩৫.৬৪ কোটি টকাৰ চোৰাং গৰু, নিষিদ্ধ সামগ্ৰী আদি জব্দ হৈছে । সীমান্ত সমস্যা সমাধান আৰু সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত কেইবাটাও পৰ্যায়ত বৈঠক অনুষ্ঠিত হৈছে ।

in-tripura-218-persons-held-by-bsf-for-border-related-crimes
ত্ৰিপুৰাত 218 গৰাকীক সীমান্ত সম্পৰ্কীয় গোচৰত আটক বিএছএফৰ

আগৰতলা, ২ জানুৱাৰী : দেশৰ সীমান্ত অঞ্চলত প্ৰতিটো মুহূৰ্ততে সষ্টম হৈ আছে সীমান্ত সুৰক্ষা বাহিনী (BSF)। সীমান্ত অঞ্চলত বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাৰ বাবে বিএছএফ বাহিনীয়ে দিনে নিশাই পহৰা দি থকা পৰিলক্ষিত হৈছে । অনুপ্ৰৱেশ, ড্ৰাগছ সৰবৰাহ আদিকে ধৰি বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ দমন কৰাৰ ক্ষেত্ৰত বিএছএফৰ ভূমিকা প্ৰশংসনীয় । ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত বিএছএফ বাহিনীৰ যথেষ্ট অৱদান আছে ।

বিগত বছৰটোত কেইবাটাও সফল অভিযান সম্পন্ন কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে । সীমান্ত সুৰক্ষা বাহিনীয়ে দিয়া তথ্য অনুসৰি ত্ৰিপুৰাৰ সীমান্ত অঞ্চলত বিভিন্ন অপৰাধ আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত মুঠ ২১৮ গৰাকী লোকক যোৱা বছৰটোত আটক কৰা হৈছে (BSF apprehended 218 persons in Tripura border) । ইয়াৰে ৯৮ গৰাকী বাংলাদেশৰ নাগৰিক আৰু ১২০ গৰাকী ভাৰতীয় ।

২০২০ চনত অবৈধভাৱে সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত ৮৫ গৰাকী ভাৰতীয় আৰু ৪৬ গৰাকী বাংলাদেশৰ নাগৰিককে ধৰি ১৩১ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে ২০১৯ চনত এনে অপৰাধৰ লগত জড়িত ২৩৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল সীমান্ত সুৰক্ষা বাহিনীয়ে ।

সংবাদমেল সম্বোধন কৰি বিএছএফ ত্ৰিপুৰাৰ মহাপৰিদৰ্শক সুশান্ত কুমাৰ নাথে কয় যে যোৱা বছৰটোত সীমান্ত অঞ্চলৰ বিভিন্ন অপৰাধৰ সৈতে জড়িত ২১৮ গৰাকী লোকক আটক কৰাৰ লগতে নিচাজাতীয় সামগ্ৰী যেনে ড্ৰাগছ, গাঞ্জা আদিকে ধৰি গৰু আৰু নিষিদ্ধ সামগ্ৰীও জব্দ কৰা হৈছে । মহাপৰিদৰ্শকগৰাকীৰ মতে জব্দ হোৱা সামগ্ৰীবোৰৰ মূল্য প্ৰায় ৩৫.৬৪ কোটি টকা হ'ব । সীমান্ত সমস্যা সমাধান আৰু সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত বিভিন্ন পৰ্যায়ত আলোচনা অব্যাহত আছে ।

বিএছএফৰ বিষয়াগৰাকীয়ে জনোৱা মতে ২০২১ চনৰ জুন আৰু নৱেম্বৰ মাহত পানীসাগৰত ২ খন ইন্সপেক্টৰ জেনেৰেল আৰু ৰিজিয়ন কমাণ্ডাৰ বৰ্ডাৰ গাৰ্ডছ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছে । লগতে গোমতী জিলাৰ উদয়পুৰত ৫খন চেক্টৰ কামাণ্ডা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে ।

বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে এই বৈঠকত সীমান্ত অঞ্চলৰ বিদ্ৰোহ, ড্ৰাগছ, গৰু আদিকে ধৰি বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায়, সীমান্তৰ উন্নয়নমূলক কাম, সীমান্ত বেৰ, আইচিপি আৰু ভূমি কাষ্টম ষ্টেচনত সীমান্ত আন্তঃগাঁথনি আদি বিভিন্ন বিষয়ত দীঘলীয়াকৈ আলোচনা কৰা হয় । বিএছএফ আৰু বিজিবি (BGB) কমাণ্ডাৰসকলে সকলো অমীমাংসিত সমস্যা সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তত শান্তি প্ৰতিষ্ঠাৰ বাবে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মত হৈছে ।

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ শেষ গাঁও কাহোত অসম-অৰুণাচলৰ ৰাজ্যপাল

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.