ETV Bharat / sitara

Adil Hussain in Forbes' List : ফ'ৰ্বছৰ বর্ষশ্ৰেষ্ঠ বলীউড অভিনেতাৰ তালিকাত আদিল হুছেইন

author img

By

Published : Jan 3, 2022, 4:54 PM IST

Updated : Jan 3, 2022, 5:04 PM IST

নিজৰ অভিনয় শৈলীৰে বিশ্বজুৰি খ্যাতি লাভ আৰু জনপ্ৰিয় হোৱা অসমৰ সু-সন্তান আদিল হুছেইনে International Magazine "Forbes"ত নিজৰ নাম অন্তৰ্ভূক্ত কৰি দেশবাসীক কৰিলে গৌৰাৱান্বিত ৷ 2021 বৰ্ষক সামৰি ফ'ৰ্বছ-এ প্ৰকাশ কৰা এখন তালিকাত নাম অন্তৰ্ভূক্ত হ’ল আদিল হুছেইনৰ (Adil Hussain in Forbes’ list of outstanding Hindi actors in 2021) ৷

adil_hussain
ফ'ৰ্বছৰ বর্ষশ্ৰেষ্ঠ বলীউড অভিনেতাৰ তালিকাত আদিল হুছেইন

গুৱাহাটী, 3 জানুৱাৰী: বছৰটিৰ আৰম্ভণিতে অসমবাসীলৈ এটা ভাল খবৰ ৷ বলীউডত খোপনি পোতা অসম সন্তান আদিল হুছেইনে ৰাজ্যবাসীক দিলে নৱবৰ্ষৰ অন্যতম উপহাৰ ৷ ইতিমধ্যেই আন্তৰ্জাতিক খ্যাতি লাভ কৰি পৰিচিত হৈ পৰা আদিল হুছেইনৰ নাম প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় আলোচনী "ফ'ৰ্বছ"ত ৷

adil_hussain
ফ'ৰ্বছৰ বর্ষশ্ৰেষ্ঠ বলীউড অভিনেতাৰ তালিকাত আদিল হুছেইন

"ফ'ৰ্বছ" এ প্ৰকাশ কৰা তালিকাত 2021 বৰ্ষৰ বলিউডৰ আঠগৰাকী Outstanding Actors ৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বলিউডৰ অভিনেতা তথা অসম সন্তান আদিল হুছেইনৰ (Adil Hussain in Forbes’ list of outstanding Hindi actors in 2021) ৷ 2021 বৰ্ষত মুক্তি লাভ কৰা জনপ্ৰিয় ছবি "বেলবোটম" ত কৰা অনবদ্য অভিনয়ৰ বাবে সাফল্যতাৰে ফ'বৰ্ছৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে আদিল হুছেইনৰ ৷

উল্লেখযোগ্য যে "বেলবোটম" ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে ৷ আনহাতে ছবিখনত ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ চৰিত্ৰত সাৱলীল অভিনয় কৰি দেশে-বিদেশে সমাদৃত হৈছে আদিল হুছেইন ।

লগতে পঢ়ক: Bridge will hit the theatre on 4th February : চাৰি ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ব্ৰিজ

Last Updated :Jan 3, 2022, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.