ETV Bharat / state

ছয় জনগােষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ অসন্তুষ্ট TAYPA

author img

By

Published : Jan 3, 2022, 5:00 PM IST

জনজাতিকৰণ সন্দৰ্ভত প্ৰদান কৰা বক্তব্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা টাই আহোম যুৱ পৰিষদৰ ৷ ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ(ST status to six communities of Assam) ক্ষেত্ৰত কেন্দ্ৰ আৰু অসমৰ উভয় চৰকাৰৰ সদিচ্ছা দেখি বিগত ২০২১ চনৰ অসম বিধান সভা নির্বাচনত ছয় জনগােষ্ঠীৰ ৰাইজে বিজেপি মিত্ৰজোঁটক প্ৰৱলভাৱে ভােটদান কৰি চৰকাৰ গঠন কৰিবলৈ সুবিধা প্রদান কৰিছিল বুলিও দাবী সংগঠনটোৰ ৷ সবিশেষ জানো আহক ৷

taypa-is-unhappy-with-assam-cms-remark-on-granting-st-status-to-six-communities
ছয় জনগােষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ অসন্তুষ্ট TAYPA

শিৱসাগৰ, 3 জানুৱাৰী : নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল টাই আহোম যুৱ পৰিষদ (TAYPA criticizing CM Himnta Bishwa Sarma)। টাইপাৰ সম্পাদক দিগন্ত তামুলীয়ে সোমবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰে ।

তেওঁ কয় যে, বছৰৰ প্রথম দিনটোত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণ সন্দৰ্ভত প্ৰদান কৰা বক্তব্য টাই আহোম সকলে মুঠেও সহজভাৱে গ্ৰহণ কৰিব পৰা নাই(Assam CM's remark on granting ST status) । টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিগন্ত তামুলীয়ে পুনৰ কয় যে, অসম বিধান সভাত ছয় জনগােষ্ঠীক জনজাতিকৰণ প্ৰদানৰ সপক্ষে সর্বদলীয় সর্বসম্মত প্রস্তাৱ গ্ৰহণ কৰা হৈছিল ।

ভাৰতৰ মহা পঞ্জীয়ক আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতিৰ আয়ােগৰ সেউজ সংকেত লাভ কৰাৰ পাছত কেন্দ্রীয় কেবিনেটৰ অনুমােদন সাপেক্ষে ২০১৯ চনত ৰাজ্যসভাত টাই আহােমকে ধৰি ছয় জনগােষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এক বিধেয়ক উত্থাপন কৰিছিল ।

ছয় জনগােষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ অসন্তুষ্ট TAYPA

আনহাতে ড৹ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত মন্ত্রীগােটৰ সৈতে হােৱা কেইবালানি আলােচনাত সংৰক্ষণ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু সংগঠনসমূহ সহমতত উপনীত হৈছিল (Discussion on ST status of six communities) ।

তেওঁ কয় যে, ছয় জনগােষ্ঠীৰ জনজাতিকৰণৰ(ST status to six communities of Assam) ক্ষেত্ৰত কেন্দ্ৰ আৰু অসমৰ উভয় চৰকাৰ আৰু বিজেপি দলৰ সদিচ্ছা দেখি বিগত ২০২১ চনৰ অসম বিধান সভা নির্বাচনত ছয় জনগােষ্ঠীৰ ৰাইজে বিজেপি মিত্ৰজোঁটক প্ৰৱলভাৱে ভােটদান কৰি চৰকাৰ গঠন কৰিবলৈ সুবিধা প্রদান কৰে । তিনিটা পর্যায়ৰ বিগত বিধান সভা নির্বাচনৰ প্রথম পর্যায়ৰ নির্বাচনী ফলাফলে তাকেই প্রতিপন্ন কৰে ।

মন্ত্রীগােটৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চৰকাৰ গঠন হােৱাৰ পাছত ছয় জনগােষ্ঠীৰ জনজাতিকৰণ বিষয়টোৱে শীঘ্ৰে চূড়ান্ত ৰূপ পাব বুলি সকলাে আশাবাদী আছিল ৷ যদিও শেহতীয়াকৈ যােৱা ১জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা বক্তব্যই বিষয়টোক গভীৰ অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছে বুলিও দাবী কৰে সংগঠনটোৱে ।

জনজাতিকৰণ ছয়জনগােষ্ঠীয়ে কোনাে বিশেষ সংগঠনৰ পৰা বিচৰা নাই, বৰ্তমানৰ জনজাতিসকলৰ স্বাৰ্থৰ ক্ষতি নােহােৱাকৈ চৰকাৰৰ পৰাহে জনজাতিকৰণ বিচাৰিছে বুলি টাইপাৰ নেতৃবৃন্দই আজিৰ সংবাদমেলত সদৰি কৰে । মন্ত্রীগােটৰ প্রতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে অসম ৰক্তাক্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য কেতিয়াও গ্রহণযােগ্য হ'ব নােৱাৰে বুলি টাইপাৰ নেতৃত্বই উল্লেখ কৰে।

লগতে পঢ়ক : কেবিনেটৰ সিদ্ধান্তক সন্মান জনাই বিজেপি সাংসদ ডাঃ ৰাজদ্বীপে বিদায় দিলে PSO ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.