ETV Bharat / state

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 8, 2022, 2:57 PM IST

TOP 10 AT 3PM
3 বজাৰ 10 টা শীৰ্ষ বাতৰি

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Blast at Duliajan: দুলীয়াজানত ভয়ংকৰ বিস্ফোৰণত এজন যুৱকৰ মৃত্যু

দুলীয়াজানত সংঘটিত ভয়ংকৰ বিস্ফোৰণত এজন যুৱকৰ মৃত্যু ৷ নিহত যুৱকজনৰ নাম ঋতুৰাজ মেচ (Blast at Duliajan)৷

MLA Amiya Bhuyan: বিধায়ক অমিয় ভূঞাক পহুখেদা সমষ্টিবাসী মহিলাৰ

বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাক পহুখেদা দিলে মহিলাই (Women angry with Bihpuria MLA)৷ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ(DAC election 2022) নিৰ্বাচনৰ দিনটোতে আজি নাৰায়ণপুৰৰ ১৯ নং কিনাপথাৰ সমষ্টিত উপস্থিত হোৱা বিধায়কগৰাকীৰ বিৰুদ্ধে ধন বিতৰণৰ অভিযোগ উত্থাপন কৰি একাংশ মহিলাই চোঁচা লয় বিধায়কগৰাকীৰ বাহনলৈ (Allegation against MLA Amiya Bhuyan)৷ ইয়াৰ পাছতে উক্ত স্থান ত্যাগ কৰে বিধায়কগৰাকীয়ে ৷

Govt to Abolish 8000 Regular Posts of Teachers: ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্তিকৰণৰ নিৰ্দেশ

এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে এফালে নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সমান্তৰালকৈ পদ বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । নিম্ন প্ৰাৰ্থমিক আৰু উচ্চ প্ৰাৰ্থমিকৰ ৮ হাজাৰ স্থায়ী শিক্ষক পদ বিলুপ্তি কৰিবলৈ নিৰ্দেশ (Assam Govt to Abolish 8000 Regular Posts of School Teachers) । ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাচতে সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীৰ স্পষ্টীকৰণ । ভৱিষ্যতে নামভৰ্তি বৃদ্ধি হ’লে চৰকাৰে প্ৰয়োজন অনুসৰি সৃষ্টি কৰিব পাৰে পদ ।

Goalpara accident: গোৱালপাৰাত মৃত্যুৰ কিৰিলি

ৰাসৰ আনন্দ উল্লাহৰ মাজতে গোৱালপাৰাত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা (Tragic road accident in Goalpara) । ৪ জনকৈ লোকৰ মৃত্যু, এজন মটৰ চাইকেল আৰোহী গুৰুতৰভাৱে আহত । ৰংজুলি আৰু কৃষ্ণাই অঞ্চলত শোকৰ ছাঁ ।

Cycling in Assam: চাইকেলেৰে 1000 কিঃমিঃ অতিক্ৰম কৰি নগাঁৱত উপস্থিত 60 বছৰীয়া চিকিৎসক

ৰাজ্যৰ ভিতৰতে এজন প্ৰখ্যাত চিকিৎসক তথা ডাউনটাউন হাস্পতালৰ(Down town hospital) জ্যেষ্ঠ এনাষ্ঠেচিয়া বিশেষজ্ঞ ডাঃ কৃষ্ণকান্ত আচাৰ্য (Dr Krishna Kanta Acharya Anesthesiologist)। 60 বৰ্ষ গৰকা চিকিৎসকগৰাকীয়ে চাইকেলেৰে অতিক্ৰম কৰিলে 1000 কিঃমিঃ ৷ ২৮ অক্টোবৰতে গুৱাহাটীৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰি ডাঃ আচাৰ্যই ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজৰ হীৰক জয়ন্তী অভিৱৰ্তনত(Platinum jubilee of Assam Medical College) অংশগ্ৰহণ কৰে ৷

DAC election in Dibrugarh: ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত আৰম্ভ ভোটদান প্ৰক্ৰিয়া

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে (Deori Autonomous council election) । সেই অনুসৰি ইতিমধ্যে ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিতো ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে (DAC election in Dibrugarh) ।

Lab grown blood: বিশ্বত পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাগাৰত প্ৰস্তুত কৰা হ'ল তেজ

ব্ৰিটেইনত বিশ্বৰ প্ৰথমটো ক্লিনিকেল ট্ৰায়েলত মানুহক লেবত প্ৰস্তুত কৰা তেজ দিছিল বিজ্ঞানীসকলে । গৱেষকসকলে কয় যে, যদিহে নিৰাপদ আৰু ফলপ্ৰসূ প্ৰমাণিত হয় তেন্তে নিৰ্মিত ৰক্তকণিকাবোৰে তেজৰ অভাৱৰ সময়ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে ।

Lunar Eclipse 2022: আজি বৰ্ষটোৰ অন্তিম চন্দ্ৰগ্ৰহণ, জানি লওক চন্দ্ৰগ্ৰহণৰ সঠিক সময়

চন্দ্ৰগ্ৰহণক মনৰ কাৰক হিচাপে গণ্য কৰি এক বিশেষ জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা বুলি গণ্য কৰা হয় ৷ জ্যোতিষীসকলেও ইয়াৰ ব্যাপক প্ৰভাৱৰ বিষয়ে কয়(Lunar Eclipse ) । পণ্ডিতসকলৰ মতে ৮ নৱেম্বৰ মঙলবাৰৰ এই গ্ৰহণো একেধৰণৰ । আজি বৰ্ষটোৰ অন্তিম চন্দ্ৰগ্ৰহণ, জানো আহক চন্দ্ৰগ্ৰহণৰ সঠিক সময়, সুতক সময় আৰু ভাৰতত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব নে নাই...

Dengue cases in Assam: ডিফুত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্তৰ সংখ্য়া

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সমান্তৰাল ভাৱে ডেংগু আৰু মেলেৰিয়াত আক্ৰান্তৰ সংখ্যা (Dengue cases on rise in Assam) ৷ কাৰ্বি আংলং জিলাতো ব্যাপক হাৰত ডেংগুৰ প্ৰকোপ বৃদ্ধি পাইছে ।

DAC Election 2022: ৪৩,৫৯৫ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭৫ প্ৰাৰ্থীৰ ভাগ্য

আজি দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন (DAC Election 2022)৷ ৰাজ্যৰ ৬ খন জিলাত উপগ্ৰহীয়ভাৱে থকা মুঠ ২২ টা পৰিষদীয় সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ভোটগ্ৰহণ ৷ সৰ্বমুঠ ৪৩৫৯৫ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব এই ভোটগ্ৰহণত (Total voter of DAC election 2022)৷ ইয়াৰে ২১৪১২ জন পুৰুষ আৰু ২২১৮৩ গৰাকী মহিলা ভোটাৰ ৷ ভোটগ্ৰহণ হ’ব মুঠ ৯৩ টা ভোটগ্ৰহণ কেন্দ্ৰত৷ এইবাৰৰ নিৰ্বাচনত মুঠ ৭৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব (Candidates of DAC election)৷ জোনাইতো পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ পৰ্ব ৷ ১২ নং জোনাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৯৬৮ জন আৰু ভোট কেন্দ্ৰ ৫ টা ৷ ১২ নং জোনাই সমষ্টিৰ বাবে এইবাৰ মুঠ তিনিজন প্ৰাৰ্থী বিজেপি আৰু মিত্ৰজোঁটৰ হেমন্ত দেউৰী, জেপিপি দলৰ ৰাজেশ দেউৰী আৰু কংগ্ৰেছ দলৰ সৰুমাই দেউৰীয়ে প্ৰতিদন্দীতা কৰিছে যদিও মূল যুঁজখন বিজেপিৰ প্ৰাৰ্থী হেমন্ত দেউৰী আৰু জেপিপি দলৰ ৰাজেশ দেউৰী মাজতে হ’ব (DAC election at Jonai)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.