DAC election in Dibrugarh: ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত আৰম্ভ ভোটদান প্ৰক্ৰিয়া

By

Published : Nov 8, 2022, 12:04 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে (Deori Autonomous council election) । সেই অনুসৰি ইতিমধ্যে ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিতো ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে (DAC election in Dibrugarh) । কলৌলোৱা দেউৰী গাঁৱৰ মধ্য ইংৰাজী বিদ্যায়লত পুৱা ৮ বজাৰ পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । ভোটাৰ ৰাইজে শাৰীপাতি ভোটদান কৰিছে এই ১ নং ভোটগ্ৰহণ কেন্দ্ৰটোত । উল্লেখ্য যে, ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত মুঠ ভোট আছে ১৮০০ টা । ইয়াৰে তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ ক্ৰমে কলৌলোৱা দেউৰী গাঁও, খামটি ঘাট আৰু মধুপুৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । সমষ্টিটোত বিজেপি দলৰ হৈ ভাস্কৰ দেউৰী আৰু জে পি পি দলৰ হৈ পূৰ্ণানন্দ দেউৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.