Goalpara accident: গোৱালপাৰাত মৃত্যুৰ কিৰিলি

author img

By

Published : Nov 8, 2022, 2:20 PM IST

Goalpara

ৰাসৰ আনন্দ উল্লাহৰ মাজতে গোৱালপাৰাত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা (Tragic road accident in Goalpara) । ৪ জনকৈ লোকৰ মৃত্যু, এজন মটৰ চাইকেল আৰোহী গুৰুতৰভাৱে আহত । ৰংজুলি আৰু কৃষ্ণাই অঞ্চলত শোকৰ ছাঁ ।

গোৱালপাৰা,৮ নৱেম্বৰ : ৰাস উদযাপনত ব্যস্ত ৰাজ্যবাসী (Raas festival in Assam)। উজনি-নামনি সকলোতে ৰাসৰ ব্যাপক আয়োজন কৰা হৈছে । কিন্তু তাৰ মাজত ৰাজ্যত কেইবাটাও শোকাৱহ ঘটনা সংঘটিত হৈছে । গোৱালপাৰা জিলাত একে নিশাই সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা (Road accident in Goalpara)। য'ত ৪ জনকৈ লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ।

গোৱালপাৰাত মৃত্যুৰ কিৰিলি

সোমবাৰে নিশা গোৱালপাৰাৰ ৰংজুলি আৰু কৃষ্ণাইত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনা । এই দুটাকৈ দুৰ্ঘটনাত চাৰি জনকৈ যুৱক নিহত হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাৱে আহত হৈছে (4 death in road accident in Goalpara)। প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় ৰংজুলি থানাৰ অন্তৰ্গত দৰংগিৰিৰ পেট্ৰ'ল ডিপোৰ সমীপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ।

জানিব পৰা মতে AS-18-K-6829 নম্বৰৰ মটৰ চাইকেলেৰে তিনি যুৱকে দুধনৈৰ পৰা ৰাস মহোৎসৱ উপভোগ কৰি ধনুভাঙালৈ আহি থকা অৱস্থাত দৰংগিৰিৰ পেট্ৰ'ল ডিপোৰ সমীপত অচিনাকি বাহনে মটৰ চাইকেলখন খুন্দিয়াই থৈ যায় । ফলত দুজন যুৱক থিতাতে নিহত হয় । আনহাতে মটৰ চাইকেলখনত থকা আন এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পৰৱৰ্তী সময়ত সেইজন যুৱকৰো মৃত্যু হয় । নিহত যুৱক কেইজন ক্ৰমে ধনুভাঙাৰ গুলিয়ানপাৰাৰ অৱনী বড়ো, দুধনৈৰ পুৰণিভিটাৰ জিতুল ৰাভা আৰু দুৰামাৰীৰ মানৱ বড়ো ৷

ইফালে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকীপুলত নিশা শোকাৱহ পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী নিহত হয় আৰু এজন গুৰুতৰভাৱে আহত হয় ৷ দুয়োৰে ঘৰ গোৱালপাৰা চহৰত বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটো সংঘটিত হৈছে বেকীপুলৰ পেট্ৰ'ল পাম্পৰ সমীপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷

জানিব পৰা মতে, নিশা দুধনৈৰ ফালৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গোৱালপাৰা অভিমুখে গৈ থকা AS-18-J-0681 নম্বৰৰ মটৰ চাইকেলখনে একে দিশত গৈ থকা এখন চাৰিচকীয়া বাহনৰ পিছফালে প্ৰচণ্ড বেগত খুন্দা মাৰে । ফলত বাইকসহ দুই আৰোহী পথৰ ওপৰতে ছিটিকি পৰে আৰু গুৰুতৰভাৱে আহত হয় ৷ আনহাতে দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

ঘটনা সম্পৰ্কে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত দুই মটৰ চাইকেল আৰোহীক উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু তেওঁলোকৰ এজনৰ চিকিৎসালয়ত মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.