ETV Bharat / science-and-technology

Lab grown blood: বিশ্বত পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাগাৰত প্ৰস্তুত কৰা হ'ল তেজ

author img

By

Published : Nov 8, 2022, 1:48 PM IST

ব্ৰিটেইনত বিশ্বৰ প্ৰথমটো ক্লিনিকেল ট্ৰায়েলত মানুহক লেবত প্ৰস্তুত কৰা তেজ দিছিল বিজ্ঞানীসকলে । গৱেষকসকলে কয় যে, যদিহে নিৰাপদ আৰু ফলপ্ৰসূ প্ৰমাণিত হয় তেন্তে নিৰ্মিত ৰক্তকণিকাবোৰে তেজৰ অভাৱৰ সময়ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে ।

HN-NAT-08-11-2022-Lab-grown blood given to people in world-first clinical trial
বিশ্বত পোন প্ৰথমবাৰৰ বাবে পৰীক্ষাগাৰত প্ৰস্তুত কৰা হ'ল তেজ

ব্ৰিটেইনত বিশ্বৰ প্ৰথমটো ক্লিনিকেল ট্ৰায়েলত মানুহক লেবত প্ৰস্তুত কৰা তেজ দিছিল বিজ্ঞানীসকলে । গৱেষকসকলে কয় যে, যদিহে নিৰাপদ আৰু ফলপ্ৰসূ প্ৰমাণিত হয় তেন্তে নিৰ্মিত ৰক্তকণিকাবোৰে বিৰল তেজৰ বিকাৰগ্ৰস্ত লোকৰ সময়মতে চিকিৎসাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে । বিজ্ঞানীসকলে কয় যে, ছিকেল চেল আৰু বিৰল ৰক্ত প্ৰকাৰৰ দৰে বিকাৰগ্ৰস্ত কিছু লোকে পৰ্যাপ্ত পৰিমাণৰ দান কৰা তেজ লাভ কৰাত অসুবিধা পায় । এনে লোকৰ বাবে এয়া এক আশীৰ্বাদ বুলিও প্ৰমাণিত হ’ব পাৰে ।

কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু এন এইচ এছ ব্লাড এণ্ড ট্ৰান্সপ্লাণ্টৰ অধ্যাপক তথা প্ৰধান অনুসন্ধানকাৰী চেড্ৰিক গেভাৰ্টে কয় যে আশা কৰা হৈছে যে আমাৰ পৰীক্ষাগাৰত গজা ৰক্তকণিকা ৰক্তদাতাৰ পৰা অহা কোষতকৈ বেছি দিন জীয়াই থাকিব ।

ই এইদৰে কাম কৰে

  • এই পৰীক্ষা আৰম্ভ হয় স্বাভাৱিক ৰক্তদানৰ পৰা পোৱা তেজৰ পৰা (প্ৰায় ৪৭০ মিলিলিটাৰ)
  • ৰক্তকণিকা হ’ব পৰা নমনীয় ষ্টেম চেলবোৰ উলিয়াই আনিবলৈ Magnetic beads ব্যৱহাৰ কৰা হয়
  • এই ষ্টেম কোষবোৰৰ পৰীক্ষাগাৰত বৃহৎ সংখ্যালৈ তৈয়াৰ কৰা হয়
  • ইয়াৰ পিছত ৰক্তকণিকা হ’বলৈ নিৰ্দেশিত কৰা হয়
  • এই প্ৰক্ৰিয়াত প্ৰায় তিনি সপ্তাহ সময় লাগে আৰু প্ৰায় ডেৰ লাখ ষ্টেম কোষৰ প্ৰাৰম্ভিক পুলৰ পৰিণামস্বৰূপ ৫০ বিলিয়ন ৰক্তকণিকা পোৱা যায়
  • এইবোৰ ফিল্টাৰ কৰি প্ৰায় ১৫ বিলিয়ন ৰক্তকণিকা পোৱা যায়
  • যিটো ৰোগীৰ শৰীৰত প্ৰতিস্থাপন কৰিব পাৰি

ৰক্তদাতাৰ ষ্টেম চেলৰ পৰা বিকশিত: ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে কয় যে দাতাৰ ষ্টেম চেল বা কোষৰ পৰা তেজৰ কোষ বিকশিত কৰা হৈছে । ইয়াক সুস্থ স্বেচ্ছাসেৱকলৈ বদলি কৰা হৈছিল । এই পৰ্যন্ত দুজন লোকক লেবত প্ৰস্তুত কৰা ৰক্তকণিকা দিয়া হৈছে ।

এইবোৰত নিৰীক্ষণ কৰা হৈছে, এতিয়ালৈকে ইহঁতৰ কোনো অবাঞ্চিত বিকাৰ দেখিবলৈ পোৱা নাই । এই পৰীক্ষাত একেজন ৰক্তদাতাৰ পৰা ৰক্তকণিকা ট্ৰান্সফিউজনৰ তুলনাত পৰীক্ষাগাৰত বিকশিত কোষৰ জীৱনকালৰ ওপৰত অধ্যয়ন কৰি থকা হৈছে ।

নিয়মীয়াকৈ ৰক্তৰ প্ৰয়োজন হৈ থকা ব্যক্তিৰ শৰীৰত এই তেজ কম পৰিমাণে দিলেও হ'ব: বিজ্ঞানীসকলে কয় যে, যদি আমাৰ পৰীক্ষা সফল হয় তেন্তে ইয়াৰ অৰ্থ হ’ব যে বৰ্তমান যিসকল ৰোগীক দীৰ্ঘদিন ধৰি নিয়মীয়াকৈ ৰক্তৰ প্ৰয়োজন হয় তেওঁলোকৰ শৰীৰত ভৱিষ্যতে কম পৰিমাণে ৰক্ত দিলেও হ'ব । ইয়াৰ ফলত তেওঁলোকৰ ভালদৰে যত্ন ল’ব পৰা যাব ।

লগতে পঢ়ক: Chandrayaan 3 mission: ২০২৩ চনত ISROয়ে আৰম্ভ কৰিব চন্দ্ৰযান-৩ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.