ETV Bharat / state

Govt to Abolish 8000 Regular Posts of Teachers: ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্তিকৰণৰ নিৰ্দেশ

author img

By

Published : Nov 8, 2022, 1:42 PM IST

এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে চৰকাৰে এফালে নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সমান্তৰালকৈ পদ বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । নিম্ন প্ৰাৰ্থমিক আৰু উচ্চ প্ৰাৰ্থমিকৰ ৮ হাজাৰ স্থায়ী শিক্ষক পদ বিলুপ্তি কৰিবলৈ নিৰ্দেশ (Assam Govt to Abolish 8000 Regular Posts of School Teachers) । ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাচতে সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীৰ স্পষ্টীকৰণ । ভৱিষ্যতে নামভৰ্তি বৃদ্ধি হ’লে চৰকাৰে প্ৰয়োজন অনুসৰি সৃষ্টি কৰিব পাৰে পদ ।

Assam Govt post abolished in parallel with the recruitment process
নিযুক্তি প্ৰক্ৰিয়াৰ সমান্তৰাকৈ বিলুপ্তিকৰণ কৰা হৈছে পদ

গুৱাহাটী, ৮ নৱেম্বৰ : এফালে নিযুক্তি প্ৰক্ৰিয়া আৰু আনফালে পদৰ বিলুপ্তিকৰণ । সমতা স্থাপনৰ বাবে যেন কৌশল ৰচনা কৰিছে চৰকাৰে । ৰাজ্যৰ এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এফালে নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সমান্তৰালকৈ পদ বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে ।

Assam Govt post abolished in parallel with the recruitment process
নিযুক্তি প্ৰক্ৰিয়াৰ সমান্তৰাকৈ বিলুপ্তিকৰণ কৰা হৈছে পদ

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এখন পত্ৰই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কিয়নো শিক্ষা বিভাগে লাখ লাখ নিবনুৱাৰ মূৰত মাধমাৰ শোধাই প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ পদ বিলুপ্তি কৰিছে (Assam Govt to Abolish 8000 Regular Posts of School Teachers)। শিক্ষা বিভাগৰ সচিব ড৹ বিজয়া চৌধুৰীয়ে ৰাজ্য চৰকাৰৰ মহাগাণনিকলৈ এখন পত্ৰ প্ৰেৰণ কৰি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৮ হাজাৰ স্থায়ী শিক্ষক পদ বিলুপ্তি কৰিবলৈ নিৰ্দেশ দিছে ।

বিলুপ্তি কৰা পদসমূহৰ ভিতৰত আছে নিম্ন প্ৰাথমিকৰ ৪,২৮৫ টা শিক্ষক পদ আৰু উচ্চ প্ৰাথমিকৰ ৩,৭১৫ টা শিক্ষক পদ । পত্ৰখনত উল্লেখ কৰা মতে উক্ত ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ ষ্টেট পুলৰ অধীনৰ ঠিকা ভিত্তিক শিক্ষক সকলৰ দা-দৰমহাৰ বাবে খালী কৰি ৰখা হৈছিল ।

পূৰ্বৰ সোণোৱাল চৰকাৰৰ কাৰ্যকালত ২০২০ বৰ্ষৰ ২৬ মে’ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি উক্ত স্থায়ী পদসমূহৰ বিপৰীতে আৰ্থিক লাভালাভ ষ্টেট পুলৰ শিক্ষকক আদায় দিয়া হৈছিল । শিক্ষা বিভাগৰ সচিবগৰাকীয়ে মহাগাণনিকলৈ প্ৰেৰণ কৰা পত্ৰখনত উক্ত ৮ হাজাৰটা শিক্ষক পদকে এতিয়া বিলুপ্তি কৰাৰ বাবে নিৰ্দেশ দিছে ।

উল্লেখ্য যে, শেহতীয়াকৈ চৰকাৰে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষানুষ্ঠান বন্ধ কৰি সমীপৰ বিদ্যালয়ৰ সৈতে চামিল কৰিছিল । সেই সময়তে শিক্ষকৰ পদসমূহ বিলুপ্তি হোৱাৰ আশংকা কৰা হৈছিল । এই আশংকাকে সত্য প্ৰমাণ কৰি অৱশেষত চৰকাৰে ৮ হাজাৰ শিক্ষক পদ বিলুপ্তিত ছীল-মোহৰ মাৰিলে ৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এক লাখ নিযুক্তি দিব বুলি ঘোষণা কৰাৰ সময়ত ৮ হাজাৰ পদ বিলুপ্তি কৰা কাৰ্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লক্ষণীয় বিষয় যে, ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাচতে বিষয়টো সন্দৰ্ভত সামাজিক মাধ্যম যোগে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে একপ্ৰকাৰ স্পষ্টিকৰণ দিছে । শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, অসম চৰকাৰে ২০২০ চনত এছ এছ এৰ অধীনত কাম কৰা ১১২০৬ জন এল পি আৰু ইউ পি শিক্ষকক ৬০ বছৰলৈকে সেৱাসহ আন সকলো লাভালাভৰ সৈতে নিয়মীয়া দৰমহা স্কেল আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল ।

আনহাতে, চৰকাৰে নিয়মীয়া শিক্ষকসকলৰ ৮ হাজাৰ অনুমোদিত পদ খালী ৰখাৰ সিদ্ধান্ত লৈছিল । এতিয়া যিহেতু এই খালী পদবোৰ স্থিৰ ৰখা হৈছে আৰু ঠিকাভিত্তিক শিক্ষকসকলৰ অৱসৰ লৈকে দীঘলীয়া সময়ৰ বাবে খালী থাকিব ৷ সেয়েহে চৰকাৰে সেইবোৰ বিত্তীয় অনুশাসনৰ বাবে বাতিল কৰাটো বিচক্ষণ বুলি বিবেচনা কৰিছে ।

ভৱিষ্যতে নামভৰ্তি বৃদ্ধি হ'লে চৰকাৰে প্ৰয়োজন অনুসৰি পদ সৃষ্টি কৰিব পাৰে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

লগতে পঢ়ক : Deprived of Govt scheme: চৰকাৰী সুবিধাৰ পৰা বঞ্চিত পুৰণিগুদামৰ এটা দুৰ্ভগীয়া পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.