ETV Bharat / state

Deprived of Govt scheme: চৰকাৰী সুবিধাৰ পৰা বঞ্চিত পুৰণিগুদামৰ এটা দুৰ্ভগীয়া পৰিয়াল

author img

By

Published : Nov 8, 2022, 12:42 PM IST

আমগুৰিৰ দিখৌমুখৰ এটা দুৰ্ভগীয়া পৰিয়াল । যিটো পৰিয়ালে আজিলৈ চৰকাৰী আঁচনিৰ কোনো সুবিধা লাভ কৰা নাই (Helpless family in Amguri)। বিধৱা মহিলাগৰাকীৰ পৰিয়ালে অৱশেষত চৰকাৰক সা-সুবিধা প্ৰদানৰ বাবে অনুৰোধ জনাইছে ।

Amguri
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত পুৰণিগুদামৰ এটা দুৰ্ভগীয়া পৰিয়াল

আমগুৰি,৮ নৱেম্বৰ : ৰাজ্য চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ কথা কৈ আহিছে । উন্নয়নৰ শ্ল'গানেৰে ইতিমধ্যে বিভিন্ন আঁচনিও ৰূপায়ণ কৰিছে চৰকাৰে । ইফালে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰিছে চৰকাৰে । কিন্তু সেই আঁচনিবোৰে আজিও বহু লোকক ঢুকি পোৱা নাই ।

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত পুৰণিগুদামৰ এটা দুৰ্ভগীয়া পৰিয়াল

শিৱসাগৰ জিলাত তেনে বহু দৰিদ্ৰ পৰিয়াল আছে যিয়ে চৰকাৰী সা-সুবিধাৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈছে (Family deprived of government schemes)। জিলাখনৰ আমগুৰিৰ তেনে এটা দুৰ্ভগীয়া পৰিয়ালে যিটো পৰিয়ালে আজিলৈ নাপালে চৰকাৰী বিভিন্ন আঁচনি সুবিধা ।

আমগুৰি সমষ্টিৰ দিখৌমুখ পুৰণিগুদামৰ বিধৱা মহিলা চাহেৰা বেগমৰ পৰিয়ালটো সেই দিশৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, বিধৱা পেঞ্চনকে ধৰি কোনো ধৰণৰ আঁচনিৰ সুবিধা লাভ কৰা নাই বেগমে । যাৰ বাবে দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে চাহেৰা বেগমৰ পৰিয়ালটোৱে ।

পৰিয়ালটোৰ আশ্ৰয় বুলিবলৈ এটা ভগা-ছিগা ঘৰ আছে । কিন্তু কোনো মতে টিনপাত আৰু কাপোৰেৰে দিছে ঘৰৰ বেৰ । বৰষুণ দিলেই পানীৰ মাজতে ককবকাই বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় পৰিয়ালটোৱে ।

লক্ষণীয়ভাৱে আজিলৈ পৰিয়ালটোৱে বিধৱা পেঞ্চন, অৰোণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাসগৃহ, উজ্জ্বলা আঁচনিকে ধৰি কোনো ধৰণৰ আঁচনিৰ সুবিধা পোৱা নাই (Family from Dikhoumukh deprived of govt facilities)। যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটো এতিয়া দিশাহাৰা হৈ পৰিছে । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ প্ৰতি কোনো গুৰুত্ব নাই স্থানীয় জনপ্ৰতিনিধিৰ । যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে দুৰ্ভগীয়া চাহেৰা বেগম আৰু তেওঁৰ পুত্ৰই ।

উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক পৰিয়ালটোৱে বিশেষ আহ্বান জনাইছে । পৰিয়ালটোক কিছু সহায়ৰ বাবে চৰকাৰক কাতৰভাৱে অনুৰোধ জনাইছে পৰিয়ালটোৱে । অৱশ্যে চাহেৰা বেগমৰ পৰিয়ালটোৱে কেৱল এই পৰিস্থিতিৰ সন্মুখীন হোৱা নাই । ৰাজ্যত আৰু বহু দৰিদ্ৰ পৰিয়াল আছে যিবোৰে আজিলৈ চৰকাৰী আঁচনিৰ সা-সুবিধা লাভ কৰা নাই । কিন্তু চৰকাৰে এই পৰিয়ালবোৰৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :DAC election in Dibrugarh: ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিত আৰম্ভ ভোটদান প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.