ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 20, 2021, 3:00 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top 10 at 3pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Winter session of Assam Assembly : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

চাৰিদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Winter session of Assam Assembly) ৷ এই অধিৱেশনতে ১৬ খনকৈ বিধেয়ক উত্থাপন হ’ব ৷ ইয়াৰে ১৫ খন হৈছে সংশোধনী বিধেয়ক ৷ সংশোধনী বিধেয়কসমূহৰ ভিতৰত আছে গো-সুৰক্ষা বিধেয়ক ২০২০ ৷

Sashikanta das joins BJP : ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান

ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ বিজেপিত যোগদান (MLA Sashikanta das joins BJP) ৷ অসমত শূন্য হোৱাৰ দিশে কংগ্ৰেছৰ স্থিতি ৷

Section 144 impose in Laharijan: লাহৰিজানত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন

দেউবাৰে বিয়লি ৩ বজাৰ পৰা কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানত কাৰ্যকৰী হ’ব ১৪৪ ধাৰা (Section 144 alert in Laharijan) ৷ লাহৰিজানৰ ব্লক-৩ ত হ'বলগীয়া উচ্ছেদ অভিযানৰ বাবে জিলা প্ৰশাসনে জাৰি কৰিছে এই ধাৰা ৷

Ishika death case: ক্ষীপ্ৰ তদন্তৰ আশ্বাস মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

বৰপেটাৰোডৰ মানসপুৰৰ ইছিকা সাহা নামৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু(Mysterious death of a student in Barpeta Road) ৷ ছাত্ৰীগৰাকীৰ ঘৰত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত(Minister Ranjeet Kumar Dass visited to Ishika Saha's house) ৷

কংগ্ৰেছ এৰি পুনৰ এ আই ইউ ডি এফলৈ বিধায়ক শ্বেৰমান আলী আহমেদ !

পুনৰ এ আই উ ডি এফলৈ যাব বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali to be join in AIUDF) ৷ বৰপেটা আৱৰ্ত ভৱনত শ্বেৰমান আলীক বৰপেটা আদৰণি বৰপেটা জিলা এ আই ইউ ডি এফৰ ৷ অহা ২৪ ডিচেম্বৰত আজমল অসমলৈ আহিব আৰু তাৰপিচতেই শ্বেৰমান আলীৰ এ আই ইউ ডি এফত আনুষ্ঠানিকভাৱে যোগদানৰ কথা আগবাঢ়িব ৷

Tinsukia youth joining ULFA : আকৌ জংঘল অভিমুখী পাঁচ যুৱক !

আলফা(স্বা)ৰ একপক্ষ অস্ত্ৰবিৰতি (Ceasefire by ULFA I) চলি থকাৰ মাজতে তিনিচুকীয়া জিলাত ধাৰাবাহিকভাৱে যুৱকে যোগদান কৰিছে সংগঠনটোক ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

Six New Omicron cases found in Delhi : বৰ্তমানলৈকে দিল্লীত অ’মিক্ৰণত আক্ৰান্ত 28 গৰাকী

পুনৰ নতুনকৈ ছজন লোক আক্ৰান্ত হৈছে অ’মিক্ৰণত (Six New Omicron cases found in Delhi) ৷ নতুন দিল্লীত এতিয়ালৈকে 28 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল অ’মিক্ৰণ ৷

নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে গুৰুতৰ অভিযাগ স্থানীয় লোকৰ

শ্ৰীনগৰৰ এনকাউণ্টাৰত নিহত লস্কৰ-ই-তৈবা উগ্ৰপন্থী সংগঠনৰ সদস্য চাইফুল্লা ওৰফে আবু খালিদ ওৰফে ছাৱাজ (Terrorist killed in encounter in Srinagar)। হাৰৱান অঞ্চলত সক্ৰিয় হৈ আছিল আৰু কেইবাটাও অপৰাধত জড়িত আছিল উগ্ৰপন্থী সদস্যজন । এনকাউণ্টাৰৰ সময়ত স্থানীয় লোকক হাৰাশাস্তি কৰাৰ অভিযোগ নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে ।

Aishwarya Rai Summoned In Panama Papers Case : অভিনেত্ৰী ঐশ্বৰ্য ৰায়লৈ চমন জাৰি

বিতৰ্কিত পানামা পেপাৰ্ছলিক গোচৰ সন্দৰ্ভত বলীউড অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনলৈ চমন জাৰি কৰিলে এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে(Aishwarya Rai summoned by Enforcement Directorate) । সোমবাৰে এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ সন্মুখত হাজিৰ হ'ব বিগ বিৰ বোৱাৰী ঐশ্বৰ্য ।

Peng Shuai retracts sexual assault claims : যৌন উৎপীড়নৰ অভিযোগ অস্বীকাৰ চীনা টেনিছ তাৰকা পেং ছুৱায়ে

চীনা টেনিছ খেলুৱৈ পেং ছুৱাইৰ ওপৰত যৌন নিৰ্যাতন চলাৰ অভিযোগ সন্দৰ্ভত স্পষ্টতা প্ৰকাশ কৰিলে খোদ খেলুৱৈগৰাকীয়ে । তেওঁ কয় যে, যৌন নিৰ্যাতন চলা বুলি তেওঁ কেতিয়াও কোনো লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা নাই (Peng Shuai retracts sexual assault claims) । লগতে তেওঁ বিদেশ ভ্ৰমণো কৰিবলৈ যোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.