ETV Bharat / state

কংগ্ৰেছ এৰি পুনৰ এ আই ইউ ডি এফলৈ বিধায়ক শ্বেৰমান আলী আহমেদ !

author img

By

Published : Dec 19, 2021, 8:53 PM IST

পুনৰ এ আই উ ডি এফলৈ যাব বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali to be join in AIUDF) ৷ বৰপেটা আৱৰ্ত ভৱনত শ্বেৰমান আলীক বৰপেটা আদৰণি বৰপেটা জিলা এ আই ইউ ডি এফৰ ৷ অহা ২৪ ডিচেম্বৰত আজমল অসমলৈ আহিব আৰু তাৰপিচতেই শ্বেৰমান আলীৰ এ আই ইউ ডি এফত আনুষ্ঠানিকভাৱে যোগদানৰ কথা আগবাঢ়িব ৷

MLA Sherman Ali to be join in AIUDF
MLA Sherman Ali to be join in AIUDF

বৰপেটা ১৯ ডিচেম্বৰ : বৰপেটা আৱৰ্ত ভৱনত শ্বেৰমান আলীক আদৰণি বৰপেটা জিলা এ আই ইউ ডি এফৰ (AIUDF welcomes Sherman Ali in Barpeta) ৷ পুনৰ পুৰণি ঘৰলৈ ওভতাৰ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ ৷ বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ ত্যাগ কৰাতো এক প্ৰকাৰ নিশ্চিত (Sherman Ali ready to join AIUDF) ৷ ইতিমধ্যে এ আই ইউ ডি এফৰে চলি আছে কথা-বতৰা ৷ কংগ্ৰেছৰ নিলম্বিত বিধায়ক গৰাকীক ইতিমধ্যে এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিয়ে শৰাই গামোচাৰে আদৰণিও জনাইছে ৷

জিলা এ আই ইউ ডি এফে অতি গোপনে বাঘবৰৰ বিধায়কজনক আদৰণি জনোৱা ফটো ভাইৰেল হৈ পৰাৰ পিচতেই শ্বেৰমান আলী আহমেদে কংগ্ৰেছত থাকে নে কংগ্ৰেছ ত্যাগ কৰিব সেই লৈ চলি থকা জল্পনা কল্পনাৰ ওৰ পৰিল ৷ দলীয় সূত্ৰই জনোৱামতে, বৰ্তমান দিল্লীত থকা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমললৈ (AIUDF president Badaruddin Ajmal) অপেক্ষা কৰিছে দলীয় নেতৃত্বই ৷

MLA Sherman Ali to be join in AIUDF
কংগ্ৰেছ এৰি পুনৰ এ আই ইউ ডি এফলৈ বিধায়ক শ্বেৰমান আলী আহমেদ !

অহা ২৪ ডিচেম্বৰত আজমল অসমলৈ আহিব আৰু তাৰপিচতেই এ আই ইউ ডি এফত আনুষ্ঠানিকভাৱে যোগদানৰ কথা আগবাঢ়িব ৷

জানিব পৰামতে, আগন্তুক বিধানসভাৰ অধিবেশনৰ পূৰ্বে দলত্যাগ কৰাৰ সম্ভাৱনা নাই শ্বেৰমানৰ ৷ বিধানসভাৰ অধিবেশনৰ পিচতেই শ্বেৰমান আলী আহমেদে বিধায়ক পদ ত্যাগ কৰিব আৰু এ আই ইউ ডি এফৰ পৰা উপ-নিৰ্বাচনত প্ৰাৰ্থী হ’ব ৷ শ্বেৰমান আলী আহমেদৰ এ আই ইউ ডি এফ গমনক লৈ কংগ্ৰেছত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলত ৷

যোৱা 16 ডিচেম্বৰত গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয় যে, "যদি নিজৰ ধৰ্ম আৰু সম্মান বিক্ৰী কৰিব বিচাৰিছে তেনেহ'লে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে । বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ দল ত্যাগ কৰিব বিচৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তিও নাই, অসুবিধাও নাই’’ ।

লগতে পঢ়ক : শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.