শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং

author img

By

Published : Dec 16, 2021, 1:02 PM IST

MLA Sherman Ali lost attention in Congress
MLA Sherman Ali lost attention in Congress ()

কংগ্ৰেছত যেন এক প্ৰকাৰ মূল্যহীন হৈ পৰিল বিধায়ক শ্বেৰমান আলী (MLA Sherman Ali lost attention in Congress)৷ নচলা সিকি এটাৰ প্ৰতি মানুহৰ দৰদ কমি আহে, ঠিক তেনেকৈ শ্বেৰমানৰ প্ৰতিও যেন কংগ্ৰেছ নেতৃত্বৰ নাই কোনো দৰদ ৷ খোদ ৰাষ্ট্ৰীয় সম্পাদক জীতেন্দ্ৰ সিঙৰ বক্তব্যত স্পষ্ট হৈ পৰিছে এই কথা ৷

গুৱাহাটী, 16 ডিচেম্বৰ : "যদি নিজৰ ধৰ্ম আৰু সম্মান বিক্ৰী কৰিব বিচাৰিছে তেনেহ'লে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ দল ত্যাগ কৰিব পাৰে ।" সাংবাদিকৰ আগত এই মন্তব্য কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে (Jitendra Singh comments on Sherman Ali) ৷ তেওঁ কয় যে, বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্ৰেছ দল ত্যাগ কৰিব বিচৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তিও নাই, অসুবিধাও নাই ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত (Srimanta Sankardev Kalakshetra guwahati) অনুস্থিত হোৱা এক ৰাজ্যিক পৰ্যায়ৰ এক প্ৰশিক্ষণ শিবিৰ (Training camp for Congress workers in Assam) উদ্বোধন কৰি শ্বেৰমান আলী সন্দৰ্ভত এই মন্তব্য কৰে জীতেন্দ্ৰ সিঙে ৷

উল্লেখযোগ্য যে, শ্বহীদ সম্পৰ্কত বিতৰ্কিত মন্তব্য দি বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে ২ মাহ জেল খাটিবলগীয়া হৈছিল (Sherman Ali's controversial comment on martyrs) । শ্বহীদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ বাবে কংগ্ৰেছে দলৰ পৰা নিলম্বন কৰা হৈছিল শ্বেৰমান আলীক (Congress suspended Sherman Ali from party)।

৬8 দিন জেলতে কটাই যোৱা ২৭ নৱেম্বৰত কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জামিন লাভ কৰিছিল বিধায়কগৰাকীয়ে । মুকুলি আকাশৰ তললৈ আহিয়েই বিধায়ক শ্বেৰমান আলী আহমেদে কাৰাবন্দী অৱস্থাত কংগ্ৰেছ দলৰ পৰা কোনো সহায় নোপোৱা বুলি কৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে বিষেদগাৰ কৰিছিল । লগতে এ আই ইউ ডি এড দলত যোগদান কৰাৰো পৰোক্ষভাৱে ইংগিত দিছিল ।

এই সম্পৰ্কত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয় যে, কংগ্ৰেছৰ এক নিৰ্দিষ্ট আদৰ্শ আৰু নীতি আছে । কংগ্ৰেছৰ এক নিৰ্দিষ্ট আদৰ্শ আৰু নীতিক যদি শ্বেৰমান আলী আহমেদে পালন কৰিব নোৱাৰে তেনেহ’লে শ্বেৰমান আলী আহমেদে কংগ্ৰেছ ত্যাগ কৰিব পাৰে । ইয়াত আমাৰ ক'বলগীয়া নাই ।" কংগ্ৰেছ নেতৃত্বই একপ্ৰকাৰ এঘৰীয়াৰ দৰে কৰা পাচত শ্বেৰমান আলীয়ে এতিয়া কোন বাটেৰে বাট বোলে সেয়াহে লক্ষ্যণীয় হ’ব ৷
লগতে পঢ়ক : কাৰাগাৰৰ পৰা ওলায়েই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক শ্বেৰমানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.