কাৰাগাৰৰ পৰা ওলায়েই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক শ্বেৰমানে

author img

By

Published : Dec 7, 2021, 4:54 PM IST

Updated : Dec 7, 2021, 5:17 PM IST

Sherman Ali releases from jail

মুকলি আকাশৰ তললৈ আহিয়েই বিধায়ক শ্বেৰমান আলিয়ে ক’লে ৰাজনৈতিক ষড়যন্ত্ৰ বলি হৈছিল তেওঁ (Sherman Ali releases from jail) ৷ কংগ্ৰেছ দলৰ পৰা কোনো সহায় নোপোৱা বুলিও খেদ প্ৰকাশ বিধায়কগৰাকীৰ ৷

গুৱাহাটী, ৭ ডিচেম্বৰ : জেলৰ পৰা ওলাইয়ে পুনৰ বিস্ফোৰণ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ । পূৰ্বৰ স্থিতিত অটল থকা কথা পুনৰ দোহাৰিলে শ্বহীদ অপমান কৰি ২ মাহ কাৰবন্দী হোৱা বিধায়কজনে (MLA Sherman Ali gets bail)।

মুকলি আকাশৰ তললৈ আহিয়েই বিধায়ক শ্বেৰমান আলিয়ে ৰাজনৈতিক ষড়যন্ত্ৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন নকৰাৰ গুৰুত্ব অভিযোগ বিধায়ক গৰাকীৰ । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, অসমৰ জনসাধাৰণ মৌলিক অধিকাৰ খৰ্ব কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ।

কৰাগাৰৰ কদৰ্যময় পৰিবেশৰ অভিজ্ঞতাৰ বিষয়েও মন্তব্য প্ৰকাশ কৰে বাঘবৰ বিধায়ক আলিয়ে । লগতে শ্বহীদৰ বিতৰ্কৰ পাচতে কংগ্ৰেছে নিলম্বন কৰা বিধায়ক গৰাকীয়ে কাৰাবন্দী অৱস্থাত কংগ্ৰেছ দলৰ পৰা কোনো সহায় নোপোৱা বুলি উল্লেখ কৰে ।

কাৰাগাৰৰ পৰা ওলায়েই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক শ্বেৰমানে

উল্লেখ্য যে, ২ মাহ ৪ দিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিছে বিধায়ক শ্বেৰমান আলী । 65 দিন জেলতে কটোৱাৰ অন্তত সোমবাৰে আৰক্ষী ব্যৰ্থতাৰ বাবে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শ্বেৰমান আলীক মঞ্জুৰ কৰে জামিন । সোমবাৰেই জামিন লাভ কৰিছিল যদিও মঙলবাৰে পুৱাহে মুকলি আকাশৰ তললৈ আহে শ্বেৰমান আলী (Sherman Ali released from jail)।

গুৰুত্বপূৰ্ণ কথা যে, ২ অক্টোবৰত দিছপুৰৰ বিধায়ক আবাসৰ পৰা অসমবাসী প্ৰতিবাদত পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়ক গৰাকীক (Shermali Ali arrested by Assam Police)। তেওঁৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ । কিন্তু গোচৰ ৰুজু কৰি অভিযোগনামা আদালতত দাখিল কৰিব নোৱাৰা বাবে লাভ কৰিলে জামিন ।

লগতে পঢ়ক : দুমাহ জেলত কটাই অৱশেষত জামিন পালে বিধায়ক শ্বেৰমান আলীয়ে

Last Updated :Dec 7, 2021, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.