দুমাহ জেলত কটাই অৱশেষত জামিন পালে বিধায়ক শ্বেৰমান আলীয়ে

author img

By

Published : Dec 6, 2021, 8:21 PM IST

Congress MLA Sherman Ali gets bail

দুমাহৰ অন্তত মুকুলি আকাশৰ তললৈ বিধায়ক শ্বেৰমান আলী(MLA Sherman Ali gets bail) । যোৱা দুটা মাহ জেলতে কটাই অৱশেষত জামিন লাভ কৰিলে বিধায়ক গৰাকীয়ে । অসম আন্দোলনৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল বিধায়কগৰাকী (Sherman Ali insults Assam Movement martyr)।

গুৱাহাটী, ৬ অক্টবোৰ : অৱশেষত জামিন পালে বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে (Congress MLA Sherman Ali gets bail) ৷ দুমাহৰ অন্তত মুকুলি আকাশৰ তললৈ বিধায়ক শ্বেৰমান আলী । যোৱা দুটা মাহ জেলতে কটাই অৱশেষত জামিন লাভ কৰিলে বিধায়ক গৰাকীয়ে । শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে যোৱা ২ অক্টোবৰত দিছপুৰৰ বিধায়ক আবাসৰ পৰা পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়ক শ্বেৰমানক (Panbazar police arrested Sherman Ali) ।

কেইবাটাও ধাৰাত বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ (Police case against MLA Sherman Ali)। পানবজাৰ থানাৰ 510/20 নং গোচৰত শুকুৰবাৰে জামিন লাভ কৰে বিধায়কগৰাকীয়ে । আনহাতে গীতানগৰ থানাতো 406/2021 নম্বৰত গোচৰ ৰুজু হৈছিল শ্বেৰমান আলীৰ বিৰুদ্ধে ৷ দুয়োটা গোচৰতে সন্নিবিষ্ট হৈছিল ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 153 আৰু 153 (A) । চাৰ্জশ্বীট দিব নোৱাৰাৰ বাবে জামিন লাভ কৰে শ্বেৰমানে ।

নগত ২০ হাজাৰ টকাৰ জৰিমণাত মুক্তি লাভ কৰে শ্বেৰমান আলীয়ে । মুঠ ৩ টাকৈ গোচৰ আছিল শ্বেৰমান আলীৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তদাৰক শাখাৰ গোচৰত ইতিমধ্যেই তেওঁ লাভ কৰিছে জামিন ।

উল্লেখ্য যে, অসম আন্দোলনৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে (Sherman Ali insults Assam Movement martyr)। বিতৰ্কিত মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল আৰু বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাইছিল । তাৰ পিছতে ২ অক্টোবৰৰ নিশা গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী ।

লগতে পঢ়ক : কামাখ্যাৰ মাটি ঔৰংজেৱে দিয়াৰ কথা কৈ বিপদত পৰা আমিনুলৰ সমৰ্থনত বিৰোধী দলপতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.