ETV Bharat / state

Tinsukia youth joining ULFA : আকৌ জংঘল অভিমুখী পাঁচ যুৱক !

author img

By

Published : Dec 19, 2021, 9:39 PM IST

tinsukia-youth-joining-ulfa-despite-of-ceasefire-by-ulfa-i
তিনিচুকীয়াত ধাৰাবাহিকভাৱে অব্যাহত আছে আলফা(স্বা)ত যোগদান প্ৰক্ৰিয়া

আলফা(স্বা)ৰ একপক্ষ অস্ত্ৰবিৰতি (Ceasefire by ULFA I) চলি থকাৰ মাজতে তিনিচুকীয়া জিলাত ধাৰাবাহিকভাৱে যুৱকে যোগদান কৰিছে সংগঠনটোক ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

তিনিচুকীয়া, 19 ডিচেম্বৰ : তিনিচুকীয়াত ধাৰাবাহিকভাৱে অব্যাহত আছে আলফা(স্বা)ত যোগদান প্ৰক্ৰিয়া(Tinsukia youth joining ULFA) । আলফা(স্বা)ৰ একপক্ষ অস্ত্ৰবিৰতি (Ceasefire by ULFA I) চলি থকাৰ মাজতে তিনিচুকীয়া জিলাত ধাৰাবাহিকভাৱে ইজনৰ পিছত সিজন যুৱকে নিষিদ্ধ ঘোষিত আলফা সংগঠনটোত যোগদান কৰিবলৈ যোৱাৰ সন্দেহৰ বাতৰিয়ে সমগ্ৰ তিনিচুকীয়া জিলাতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

শেহতীয়াকৈ বুধবাৰে জিলাখনৰ পেঙেৰীৰ তৰাণি গাঁৱৰ পৰা দুই যুৱক ক্ৰমে মিন্টু মৰাণ আৰু পলাশ মৰাণ আলফালৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ ৰাইজ তথা প্ৰশাসনে ৷ উল্লেখযোগ্য যে, বিগত চাৰি দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে মিন্টু মৰাণ আৰু পলাশ মৰাণ ৷ ইপিনে, বৃহস্পতিবাৰৰ পৰা নিজ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে ডিগবৈ থানাৰ অন্তৰ্গত পশ্চিম মামৰণি গাঁৱৰ আন দুই যুৱক ৷

এই যুৱক দুজনৰ নাম বিবান্দ বৰুৱা আৰু শ্যামল বৰুৱা বুলি জানিব পৰা গৈছে ৷ অভিযোগ অনুসৰি, মাকুমৰ চিলিং মাটিৰ যুৱক মন্টু নেওগৰ সৈতে বিবান্দ বৰুৱা আৰু শ্যামল বৰুৱা ওলাই গৈছে ৷

মন কৰিব লগীয়া যে, ঘৰৰ পৰা নিৰুদ্দেশ হোৱাৰ দিনাৰে পৰা যুৱক কেইগৰাকীৰ মোবাইল ফোনৰ চুইচ অফ থকাৰ লগতে সম্পূৰ্ণ সংযোগ বিছিন্ন হৈ পৰিছে পৰিয়ালৰ সৈতে ৷ চোৰাংচোৰাৰ ভিতৰুৱা খৱৰ অনুসৰি নিৰুদ্দিষ্ট পাঁচজন যুৱকে আলফাত যোগদান কৰিছে ৷ ইপিনে নিৰুদ্দিষ্ট পাঁচ যুৱকৰ পৰিয়ালে এই সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰি যদি সঁচাকৈ যুৱক কেইজনে আলফাত যোগদান কৰিছে তেন্তে আলফাৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাক যুৱক কেইজনক ঘৰলৈ উভতাই পঠাবলৈ আহ্বান(Alleged ULFA member's parents requesting Paresh Barua) জনাই শোকত ভাগি পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ ৭০ % মানুহ বাংলাদেশী মূলৰ : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.